নেশ্যনেল ডেস্ক, 14 জুলাই:বিজেপিৰ পৰা একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ আঠগৰাকীকৈ বিধায়কৰ ৷ অতি শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰা মুকুল ৰয়ক পিএচচি(Public Account Committee) অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদস্বৰূপে বিধায়ককেইগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মিহিৰ গোস্বামী, মনোজ টিগা আৰু কৃষ্ণা কল্যাণীকে ধৰি বিধায়কসকলে মঙলবাৰে পশ্চিম বংগ বিধানসভাৰ বিধানসভা সমিতি আৰু স্থায়ী সমিতিৰ অধ্যক্ষপদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰিছে ৷
এই সন্দৰ্ভত বিজেপিৰ বিষয়াসকলে কয় যে, "দলৰ নিৰ্দেশনা অনুসৰি তেওঁলোকে 9 জুলাই, 2021 ৰ পৰা তাৎক্ষণিকভাৱে পশ্চিমবংগ বিধানসভাৰ বিধানসভা সমিতি আৰু স্থায়ী সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ৷" জানিব পৰা মতে, বিজেপিৰ টিকটত ৰাজ্যিক নিৰ্বাচনত জয়ী হোৱাৰ পাচত শেহতীয়াকৈ তৃণমূল কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰা মুকুল ৰয়ক শুকুৰবাৰে অধ্যক্ষ বিমান বেনাৰ্জীয়ে পশ্চিমবংগ বিধানসভাত পিএচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৷
লগতে পঢ়ক:আৰ এছ এছৰ বাবেই পশ্চিমবংগ নিৰ্বাচনত সক্ৰিয় নাছিল মুকুল ৰয় !