মেষ ৰাশি : সামগ্ৰিকভাৱে এই সপ্তাহটো আপোনাৰ বাবে শুভ হ’ব ৷ অৱশ্যে সপ্তাহৰ আৰম্ভণিটো কিছু খেলি-মেলি হ’ব পাৰে ৷ মানসিক চাপ বৃদ্ধি হ’ব পাৰে ৷ অপ্ৰয়োজনীয় খৰচো কৰিব লগীয়া হ’ব পাৰে ৷ চাকৰি কৰি থকাসকলৰ পদোন্নতি হ’ব পাৰে নাইবা আৰু ভাল পদ পাব পাৰে ৷ এই সময়ছোৱাত ব্যৱসায়ীসকল কিছু সতৰ্ক হোৱা উচিত ৷ কাৰণ আপোনাৰ অংশীদাৰে আপোনাক ঠগিব পাৰে ৷ বৈবাহিক জীৱন সুখৰ ৷ সপ্তাহৰ মাজৰ সময়ছোৱা ভ্ৰমণৰ বাবে শুভ হ’ব ৷
বৃষ ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ বৈবাহিক জীৱনত কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ প্ৰেমৰ সম্পকৰ্ত কিছু জটিলতা আহিব পাৰে ৷ আয় বৃদ্ধি ৷ ব্যৱসায়ত শুভ ৷ সন্তানৰ যতন লওক ৷
মিথুন ৰাশি : সপ্তাহটো অতি শুভ হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে ভ্ৰমণলৈ যাব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে শুভ সময় ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ আয় আৰু লাভ বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ বিবাহিত সকলৰ শুভ সপ্তাহ ৷ অৱশ্যে, এই সময়খিনি প্ৰেমিক/ প্ৰেমিকাসকলৰ বাবে বৰ শুভ নহ’ব পাৰে ৷ ভ্ৰমণৰ বাবে শুভ সপ্তাহ ৷
কর্কট ৰাশি : শুভ সপ্তাহ ৷ বৈবাহিক জীৱন সুখৰ ৷ অৱশ্যে মানসিক চাপত ভূগিব পাৰে ৷ যাৰ ফলত হঠাৎ খং উঠিব পাৰে ৷ সপ্তাহৰ আৰম্ভণিতে আৰ্থিক লাভ অৰ্জন কৰিব পাৰে ৷ কিন্তু, সপ্তাহৰ মাজভাগ মানত খৰচ বঢ়াৰো সম্ভাৱনা আছে ৷ সপ্তাহটোৰ আৰম্ভণি আৰু শেষৰ সময়ত শিক্ষাৰ্থীসকলৰ মনোযোগ ভাল হ’ব ৷ অৱশ্যে, সপ্তাহৰ মাজভাগ মানত তেওঁলোকে মনোযোগ হেৰুৱাব পাৰে ।
সিংহ ৰাশি : সপ্তাহটো শুভ ৷ পাৰিবাৰিক জীৱন সুখৰ ৷ কৰ্মত সফল ৷ চাকৰিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ীসকল কিছু সাৱধান হ’ব ৷ কিছু প্ৰশাসনিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ স্বাস্থ্য উন্নত ৷
কন্যা ৰাশি : সপ্তাহটো কিছু মধ্যমীয়া হ’ব ৷ সপ্তাহটোৰ আৰম্ভণিতে খৰচ বৃদ্ধি ৷ মানসিক চাপ হ্ৰাস ৷ ব্যৱসায়ত শুভ ৷ স্বাস্থ্য উন্নত ৷ বিবাহিত জীৱনত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ প্ৰেমিক/ প্ৰেমিকাসকলৰ বাবে এটা শুভ সপ্তাহ ৷