অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত ঘোষণা উইকেণ্ড লকডাউন - উদ্যোগ

ক্ৰমবৰ্ধিত ক'ভিড-19 সংক্ৰমণৰ সংখ্যা ৰোধ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে দেওবাৰে সপ্তাহান্তৰ লকডাউনৰ ঘোষণা কৰে ৷

Weekend lockdown in Maharashtra, stricter curbs from Monday
মহাৰাষ্ট্ৰত লকডাউন

By

Published : Apr 4, 2021, 11:01 PM IST

নেশ্যনেল ডেস্ক, 4 এপ্ৰিল: ক'ভিড-19 ৰ ক্ৰমবৰ্ধিত সংখ্যা ৰোধ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে দেওবাৰে সপ্তাহান্তৰ লকডাউনৰ ঘোষণা কৰে ৷ শুকুৰবাৰে সন্ধিয়া ৮ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈ চলিব এই লকডাউন ৷

লকডাউনৰ উপৰিও, সোমবাৰৰ ৮ বজাৰ পৰা কঠোৰ নিষেধাজ্ঞা জাৰী কৰা হ'ব ৰাজ্য়খনত, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী আৰু এন চি পি নেতা নবাব মালিকে কেবিনেট বৈঠকৰ পিছত সাংবাদিকক এই কথা জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে, নিশাৰ ভাগত সান্ধ্য আইন অব্যাহত থাকিব আৰু সপ্তাহজুৰি দিনৰ চোৱা সময়ত ধাৰা ১৪৪ ৰ অধীনত জাৰী কৰা নিষেধাজ্ঞা কাৰ্যকৰী হ'ব ।

ইয়াৰ উপৰিও, নিশা ৮ বজাৰ পৰা কঠোৰ প্ৰতিবন্ধকতা চলিব যাৰ অধীনত শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, সৰু দোকান সমূহ কেবলমাত্ৰ টেকে-এৱে আৰু পাৰ্চেলৰ বাবেহে খোলা হ'ব । চৰকাৰী কাৰ্যালয়সমূহক তেওঁলোকৰ ক্ষমতাৰ ৫০ শতাংশ কামহে কৰিবলৈ অনুমতি দিয়া হ'ব ৷ উদ্যোগ আৰু উৎপাদন খণ্ড, পাচলি বজাৰ সমূহে ষ্টেণ্ডাৰ্ড অপাৰেটিং চিষ্টেম (এছ.ও.পি.)ৰ জৰিয়তে কাম কৰিব আৰু শ্ৰমিকসকলৰ বাবে বাসস্থানৰ সুবিধা থাকিলে নিৰ্মাণ কাৰ্য সমূহ বাহাল থাকিব৷ ছবিগৃহ,নাট্য় গৃহসমূহ বন্ধ কৰা হ'ব ৷

আনহাতে, ভিৰ জমা নহ’লে চলচ্চিত্ৰ আৰু টেলিভিছনৰ দৃশ্যগ্ৰহণ অব্যাহত থাকিবৱ । পাৰ্ক আৰু খেলপথাৰ বন্ধ থাকিব, নবাব মালিকে এইদৰে জনায় । উল্লেখযোগ্য় যে, ধৰ্মীয় স্থানসমূহেও এছ ও পি অনুসৰণ কৰিব লাগিব ৷ মালিকে কয় যে, ৰাজহুৱা পৰিবহন ব্যৱস্থা কাৰ্যকৰী হৈ থাকিব ।

মন্ত্ৰী আসলাম শ্বেইখে সাংবাদিকসকলক জনাই যে, ঘৰতে থাকি কাৰ্যালয়ৰ কাম কৰা ব্য়ৱস্থাৰ বাবে উৎসাহিত কৰা হ'ব, বীমা, মেডিক্লেম, বিদ্যুৎ আৰু নাগৰিক কাৰ্যালয়ক পৃথকে ৰখা হৈছে ৷

লগতে পঢ়ক : কৰ'ণাৰ বাবে পুনৰ জম্মু-কাশ্মীৰত বিদ্যালয় বন্ধ

ABOUT THE AUTHOR

...view details