নিউজ ডেস্ক, ২৬ ডিচেম্বৰ :কেইবাখনো দেশত ক’ৰণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটকৰ ৰেষ্টুৰেণ্ট, পাব, থিয়েটাৰ হল, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভিতৰত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে (Wearing Masks Compulsory in public places in Karnataka) ৷ কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে এই বিষয়ত জাননী জাৰি কৰিছে (Health Minister of Karnataka K Sudhakar) ৷
"আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । কিন্তু আমি এতিয়াৰে পৰা সাৱধানতা অৱলম্বন কৰিব লাগিব । নৱবৰ্ষ উদযাপনৰ পূৰ্বে পাব আৰু ৰেষ্টুৰেণ্টবোৰত যথেষ্ট ভিৰ হ'ব । সেয়েহে ক’ভিড প্ৰট’কলবোৰ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব (order to followed Covid protocols strictly) ।" মন্ত্ৰীজনে লগতে কয় ।
আনহাতে, মন্ত্ৰী আৰ অশোকে বেলাগাভিৰ সুৱৰ্ণ বিধান সৌধত স্বাস্থ্য বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত কয় যে ৰাজ্যখনত মাস্ক বাধ্যতামূলক কৰা হৈছে । অৱশ্যে মাস্ক পৰিধান নকৰাৰ বাবে বৰ্তমান কোনো জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । অৱশ্যে সাৱধানতা অৱলম্বন কৰা আৰু ৰাইজৰ স্বাৰ্থত মাস্ক পিন্ধাটো বাধ্যতামূলক ।
সকলো থিয়েটাৰ, মল, হোটেল, ৰেষ্টুৰেণ্ট, অন্তঃদ্বাৰ অনুষ্ঠান, ৰাজহুৱা স্থান, সভা, অনুষ্ঠান, বিদ্যালয় আৰু মহাবিদ্যালয়ত মাস্ক বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগে । ৰাজ্যখনৰ সকলো হোটেল, পাব, বাৰ, ৰেষ্টুৰেণ্ট আৰু ৰিজ'ৰ্টত মাস্ক বাধ্যতামূলক কৰাৰ লগতে মালিক আৰু কৰ্মচাৰীসকলে ক’ৰণা প্ৰতিষেধকৰ দুটা পালি লোৱাটো নিশ্চিত কৰিব লাগিব । মন্ত্ৰী অশোকে লগতে কয় ।