অসম

assam

ETV Bharat / bharat

Manipur violence : মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ, ৩৬৬২ জনক আটক - Manipur situation

মণিপুৰত আৰক্ষীৰ অভিযান অব্যাহত । শেহতীয়া অভিযানত কেইবাখনো জিলাৰ পৰা আৰক্ষীয়ে ৩০ টা অস্ত্ৰ জব্দ কৰে । বিভিন্ন অপৰাধত ৩৬৬২ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে ।

Manipur violence
মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:34 AM IST

Updated : Aug 28, 2023, 10:43 AM IST

তেজপুৰ, ২৮ আগষ্ট :মণিপুৰৰ আইন শৃংখলা পৰিস্থিতি কিছু উন্নত হৈছে । অৱশ্যে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে পাহাৰীয়া অঞ্চলত হিংসাত্মক ঘটনা অব্যাহত আছে । দেওবাৰে এক স্পৰ্শকাতৰ অঞ্চলত অচিনাকী দুৰ্বৃত্তই ৫ টাকৈ ঘৰ জ্বলাই দিয়াৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ পাছত মণিপুৰ আৰক্ষীয়ে কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ সৈতে যৌথ অভিযান আৰম্ভ কৰে ।

কেইবাটাও ঘৰত অগ্নিসংযোগ

ৰাজ্যপালে ২৯ আগষ্ট অৰ্থাৎ মঙলবাৰে জৰুৰীকালীন বিধানসভা অধিবেশন আহ্বান জনোৱাৰ মুহূৰ্তত মণিপুৰ আৰক্ষীয়ে বিভিন্ন জিলাত অভিযান চলাই বিভিন্ন হিংসাত্মক কাৰ্যত জড়িত ৩৬৬২ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে । লগতে যোৱা ২৪ ঘণ্টাত মুঠ ৩০ টা অস্ত্ৰ আৰু ১৬ টা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে । ইম্ফল-পূব, ইম্ফল-পশ্চিম, কাকচিং, থৌবাল, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্গম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ইম্ফল-পূব, ইম্ফলৰ পৰা ১৬ টা অস্ত্ৰ, ৭০ ৰাউণ্ড গুলী আৰু ইম্ফল-পশ্চিম আৰু কাংপোকপি জিলাৰ পৰা ১৬ টা বিস্ফোৰক উদ্ধাৰ কৰে ।

মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ

মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১২৭ টা স্থানত নাকা/চেকপইণ্ট স্থাপন কৰা হৈছে আৰু বিভিন্ন জিলাত আইন উলংঘাৰ সৈতে জড়িত ২২৫৭ জন লোকক আৰক্ষীয়ে আটক কৰে । আনহাতে মণিপুৰৰ বিষ্ণুপুৰ, কাকচিং, থৌবাল, চুৰাচান্দপুৰ আৰু ইম্ফল পশ্চিম জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্গম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ

অভিযানৰ সময়ত চুৰাচান্দপুৰ জিলাৰ পৰা ৭ টা কাঢ়ি নিয়া অস্ত্ৰ আৰু ১১১ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে নাকাৰ সময়ত কাংপোকপি জিলাত অস্ত্ৰ ৰখাৰ অপৰাধত ১ অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ২ লোকক গ্ৰেপ্তাৰ কৰে ।

মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ

আনহাতে দেওবাৰে কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে ইম্ফল পশ্চিমৰ এজন হাউচ গাৰ্ডৰ পৰা লুট কৰা ৩ টা অস্ত্ৰ আৰু ১০৫ টা গোলাবাৰুদ ৰাজ্যখনৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই উদ্ধাৰ কৰে । মণিপুৰৰ বিভিন্ন জিলাত মুঠ ১২৭ টা নাকা/ চেকপইণ্ট স্থাপন কৰা হয় আৰু ৰাজ্যৰ বিভিন্ন জিলাত আইন উলংঘনৰ অপৰাধত ১৪০৫ গৰাকী লোকক আৰক্ষীয়ে আটক কৰে ।

মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ

উল্লেখ্য যে, কেইদিনমান পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত কেবিনেটৰ দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক জৰুৰীকালীন বৈঠকত মিলিত হয় । গৃহমন্ত্ৰী শ্বাহক মণিপুৰৰ নাগৰিক সমাজেও সাক্ষাৎ কৰে আৰু গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰি এক ফলপ্ৰসূ আলোচনাৰ কৰে । সংগঠনটোৰ প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে জনসাধাৰণৰ সন্মুখত বিবেচনা আৰু আলোচনাৰ বিষয়সমূহ উল্লেখ কৰা হৈছে । য'ত গৃহমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ তেওঁৰ ৰাজহুৱা স্থিতি উল্লেখ কৰে যিটো সংসদৰ মজিয়াত উল্লেখ কৰা হৈছিল । এই কথাবোৰ পূৰ্বে বিধায়কসকলে তেওঁক আৰু প্ৰধানমন্ত্ৰীক দাখিল কৰা প্ৰতিনিধিত্বতো আছিল ।

মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ

গৃহমন্ত্ৰীয়ে পুনৰ কয় যে, মণিপুৰৰ জনগাঁথনিগত পৰিৱৰ্তন নহ'ব, গতিকে পৃথক প্ৰশাসনো নহ'ব । চৰকাৰে বায়'মেট্ৰিক আৰু ৰেটিনা স্কেনৰ জৰিয়তে এনে চিনাক্তকৰণকে ধৰি সকলো ধৰণৰ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰিব যিটো ইতিমধ্যে আৰম্ভ হৈছে । ভাৰত ম্যানমাৰ সীমান্তৰ মণিপুৰ অংশত সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ কাম ক্ষিপ্ৰতাৰে কৰা হ'ব বুলিও কয় । লগতে সমগ্ৰ ৰাজ্যতে শান্তিৰ বাবে আবেদন জনোৱা আৰু ৰাজ্যখনত শান্তি নিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজ্যৰ দায়িত্বশীল গোটসমূহৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক :Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ন্যায় নোপোৱালৈকে নুঘূৰে বাছৰ চকা !

Last Updated : Aug 28, 2023, 10:43 AM IST

ABOUT THE AUTHOR

...view details