অসম

assam

By

Published : Aug 25, 2021, 11:15 AM IST

ETV Bharat / bharat

প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

২৭ আগষ্ট পৰ্যন্ত প্ৰবল বৃষ্টিপাত(Rainfall)ৰ সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) । বৰষুণৰ লগে লগে বজ্ৰপাতৰো সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে বিভাগটোৱে ।

Weak monsoon conditions likely over northwest, central India
উত্তৰ পশ্চিম, মধ্য ভাৰতত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) জনোৱা মতে, উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এক বিজ্ঞপ্তিযোগে বিভাগীয় কৰ্তৃপক্ষই আগজাননী দিছে যে, ২৭ আগষ্ট পৰ্যন্ত উত্তৰ-পূৱ ভাৰত(North-east India), পশ্চিমবংগ(West Bengal) আৰু ছিকিম(Sikkim)ত বৃষ্টিপাত(Rainfall)ৰ সম্ভাৱনা আছে । ইয়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি হোৱাৰো সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।

বুধবাৰে অসম আৰু মেঘালয়ত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত ২৭ আগষ্ট পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে বিভাগটোৱে । পৰৱৰ্তী ৫ দিনত তামিলনাডুত আৰু ২৬-২৮ আগষ্টত কেৰালা আৰু মাহেত প্ৰচণ্ড বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে লগতে জনাইছে যে, পূৱ ভাৰতত অহা তিনি দিনৰ ভিতৰত বজ্ৰপাতৰ প্ৰবল সম্ভাৱনা আছে ।

ইয়াৰ বিপৰীতে পৰৱৰ্তী ৫ দিনৰ ভিতৰত উত্তৰ-পশ্চিম, মধ্য ভাৰত আৰু পশ্চিম উপকূলত বৃষ্টিপাত হ্ৰাস হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।

লগতে পঢ়ক: নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

ABOUT THE AUTHOR

...view details