ইন্টাৰনেশ্যনেল ডেস্ক,11 জানুৱাৰী: ভাৰত আৰু নেপাল সীমান্তত দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিকতা উভটাই অনাৰ প্ৰয়াসৰ মাজতে ভাৰতৰ পৰা কালাপানি, লিম্পিয়াধুৰা, লিপুলেখ অঞ্চলক উভটাই আনিব বুলি মন্তব্য কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অ'লিয়ে ৷ অহা 14 জানুৱাৰীত নেপালৰ বৈদেশিক মন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনৈতিক নেতাসকল নতুন দিল্লী ভ্ৰমণলৈ অহাৰ পূৰ্বে দেওবাৰে উচ্চ সদনত এই মন্তব্য কৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে ৷
অ'লিয়ে কয়, "মহাকালী নৈৰ পূৱে অৱস্থিত কালাপানী, লিম্পিয়াধুৰা, লিপুলেখ অঞ্চলসমূহ চুগৌলী চুক্তি মৰ্মে নেপালৰ অন্তৰ্গত ৷ আমি এই তিনিওটা অঞ্চলকে ভাৰতৰ সৈতে কূটনৈতিক আলোচনাৰ পিছতেই ওভটাই আনিম ৷ " তেখেতে আৰু কয়, "আগন্তুক 14 জানুৱাৰীত নতুন দিল্লী ভ্ৰমণৰ বাবে আমাৰ বৈদেশিক মন্ত্ৰী যাব ৷ এই ভ্ৰমণকালতেই এই তিনিওটা অঞ্চল সামৰি প্ৰকাশ কৰা মানচিত্ৰৰ ওপৰত দিল্লীৰ সৈতে আলোচনা কৰিব বৈদেশিক মন্ত্ৰীয়ে ৷"