কানাডিয়ান চৰকাৰে বিশ্বাস কৰে যে কানাডা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অতি প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে পাৰ হৈ আছে । বহু কানাডিয়ান ৰাজনীতিবিদে বিশ্বাস কৰে যে কানাডাই আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে সমস্যাবোৰ সমাধান কৰা উচিত । যাতে ভাৰতৰ সৈতে তেওঁলোকৰ গঠনমূলক সম্পৰ্ক অব্যাহত থাকে । ভাৰত-কানাডা সম্পৰ্কৰ ওপৰত কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জোলিয়েও এই সন্দৰ্ভত বক্তব্য ৰাখিছে ।
নিউজ ডেস্ক, ৪ অক্টোবৰ : ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সংঘাত অন্ত পৰাৰ কোনো লক্ষণ দেখা যোৱা নাই । বিশেষকৈ ভাৰতে ৪১ জন কানাডিয়ান কূটনীতিবিদৰ এখন তালিকা প্ৰস্তুত কৰি ১০ অক্টোবৰৰ ভিতৰত তেওঁলোকক দেশলৈ উভতাই নিবৰ বাবে এক প্ৰকাৰ ভাবুকি প্ৰদানৰ পিছতে এই সংঘাত অধিক গভীৰ হৈ পৰিছে । লগতে ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিবাদ এক নতুন স্তৰত উপনীত হৈছে । ইফালে কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জোলি এই বিষয়ত কিছু নৰম হোৱা দেখা গৈছে । তেওঁ মঙলবাৰে কয় যে কানাডাই কূটনৈতিক বিবাদ সমাধানৰ বাবে ভাৰতৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিব বিচাৰে ।
তেওঁ মঙলবাৰে অটোৱাত সংবাদ মাধ্যমৰ আগত কয়, "আমি ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি আছোঁ । আমি কানাডিয়ান কূটনীতিবিদসকলৰ সুৰক্ষাক অতি গুৰুত্বসহকাৰে লৈছোঁ । আমি ব্যক্তিগতভাৱে কথা পাতি থাকিম, কাৰণ আমি বিশ্বাস কৰোঁ যে কূটনৈতিক বাৰ্তালাপ ব্যক্তিগত হৈ থকাটোৱে সৰ্বশ্ৰেষ্ঠ ।"
ভাৰত চৰকাৰে কানাডিয়ান দূতাবাসক ৪১ জন কূটনীতিবিদে ১০ অক্টোবৰৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব বুলি জনোৱাৰ পিছতে তেওঁৰ এই বক্তব্য আহিছে । আনহাতে, কানাডা চৰকাৰে এনে নকৰিলে তালিকাত থকা কূটনীতিবিদসকলে তেওঁলোকৰ কূটনৈতিক প্ৰতিৰক্ষা হেৰুৱাব বুলিও ভাৰতে জনাইছে ।