নিউজ ডেস্ক, ১৬ এপ্ৰিল :প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক শনিবাৰে গুলীয়াই হত্যা কৰা হয় (gangster turned politician Atiq Ahmed murder) । আতিক আৰু আশ্ৰফক গুলীয়াই হত্যা কৰাৰ পিচত গ্ৰেপ্তাৰ হোৱা তিনিজন আক্ৰমণকাৰীয়ে দেওবাৰে তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰি কয় যে তেওঁলোকে "জনপ্ৰিয়" হ'বলৈ এনে কৰিছিল । উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত সংঘটিত এক সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ কেইদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত বিতৰ্কিত ৰাজনীতিবিদ দুই ভাতৃক গুলীয়াই হত্যা কৰা হয় (Atiq Ahmed Murder Case) ।
"আমি আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰিছিলোঁ তেওঁলোকৰ আতিক-আশ্ৰফ গেঙক সম্পূৰ্ণৰূপে মচি পেলোৱাৰ বাবে । লগতে নিজৰ বাবে সুনাম অৰ্জন কৰাৰ লক্ষ্যৰে হত্যা কৰিব বিচাৰিছিলোঁ (Atiq Ahmed killer confessed to their crime) ।" এজাহাৰখত গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰীসকলক উদ্ধৃতি দি আৰক্ষীয়ে এনেদৰে কয় । "আতিক আৰু আশ্ৰফক আৰক্ষীৰ জিম্মাত লোৱাৰ বিষয়ে আমি এক তথ্য লাভ কৰাৰ লগে লগে আমি স্থানীয় সাংবাদিক হিচাবে আত্মপ্ৰকাশ কৰি ভিৰৰ সৈতে মিলি গৈ তেওঁলোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলোঁ ।" এজাহাৰখনত লগতে কোৱা হৈছে ।