নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্ববাসী বৰদিন উদযাপনত ব্যস্ত হৈ পৰিছে । কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে প্ৰতিটো গীৰ্জঘৰ । এই বিশেষ দিনটোত খ্ৰীষ্টানধৰ্মী লোকসকলক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে বাবে শান্তি আৰু সমৃদ্ধি কামনা কৰে । তেওঁ যীশুৰ মহৎ বাণীৰ কথাও স্মৰণ কৰে ।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, "সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছো ! এই উৎসৱৰ বতৰে সকলোৰে বাবে আনন্দ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক । আহক সম্প্ৰীতি আৰু সহানুভূতিৰ ভাৱনাৰ উদযাপন কৰো যি খ্ৰীষ্টমাছৰ প্ৰতীক আৰু এনে এখন পৃথিৱীৰ বাবে কাম কৰো য'ত সকলোৱে সুখী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰে । আমি ভগৱান খ্ৰীষ্টৰ মহৎ বাণীও স্মৰণ কৰো আহক ।"