নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰ ভ্ৰমণৰ সময়ত ঝাঞ্জৰপুৰ ভ্ৰমণ কৰি কয় যে শীঘ্ৰেই বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব । শ্বাহৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে বিহাৰতে নহয়, সমগ্ৰ দেশতে নিৰ্বাচন অনুষ্ঠিত হ'ব । যিমান সম্ভৱ সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰক । নিৰ্বাচন অনুষ্ঠিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰ । আমি সদায় নিৰ্বাচনৰ বাবে সাজু আছোঁ ।
সংসদৰ অধিবেশনত নিৰ্বাচন আয়োগ সন্দৰ্ভত বিধেয়কৰ ওপৰত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে যেতিয়া বিধেয়কখন আহিব তেতিয়া সকলো পক্ষই বহি কথা পাতিব আৰু তাৰ পিছত দেখা যাব কি হয় । উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে জেডিইউ আৰু আৰজেডি তেল আৰু পানী, তেওঁলোকক লগ কৰা সম্ভৱ নহয় ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে যেতিয়া আমি একেলগে থাকোঁ, কিছু লোকে আবোল-তাবোল কয় । আনহাতে, ইণ্ডিয়া মিত্ৰজোঁটৰ একতা সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মিত্ৰজোঁটৰ মাজত কোনো সমস্যা নাই । তাৰ পিছত তেওঁ তেওঁৰ কাষত থিয় হৈ থকা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক দেখুৱাই কয়, "এওঁকে সোধক, আমি সকলোৱে একেলগে কাম কৰি আছোঁ ।"