অসম

assam

ETV Bharat / bharat

WB Panchayat Elections 2023 : কলিকতা হাইকোৰ্টৰ আদেশত হস্তক্ষেপ নকৰে ছুপ্ৰিম কোৰ্টে

উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে ৰাজ্যজুৰি কেন্দ্ৰীয় বাহিনী মোতায়েনৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আদেশত হস্তক্ষেপ কৰিবলৈ অনিচ্ছুক ছুপ্ৰিম কোৰ্ট । উল্লেখ্য, কলিকতা উচ্চ ন্যায়ালয়ে যোৱা বৃহস্পতিবাৰে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিছিল ।

By

Published : Jun 20, 2023, 4:28 PM IST

WB Panchayat Elections 2023
WB Panchayat Elections 2023

নিউজ ডেস্ক, ২০ জুন : আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেন্দ্ৰীয় বাহিনী মোতায়েনক লৈ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা পশ্চিমবংগ চৰকাৰৰ । উচ্চতম ন্যায়ালয়ে মঙলবাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ কলিকতা উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা ৰাজ্য চৰকাৰৰ আবেদন নাকচ কৰে ।

উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে ৰাজ্যজুৰি কেন্দ্ৰীয় বাহিনী মোতায়েনৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আদেশত হস্তক্ষেপ কৰিবলৈ অনিচ্ছুক ছুপ্ৰিম কোৰ্ট । উল্লেখ্য, কলিকতা উচ্চ ন্যায়ালয়ে যোৱা বৃহস্পতিবাৰে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিছিল ।

উচ্চ ন্যায়ালয়ে ৪৮ ঘণ্টাৰ ভিতৰত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিছিল । কিন্তু ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰে এই আদেশটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । মঙলবাৰে দেশৰ শীৰ্ষ ন্যায়ালয়ত এই সন্দৰ্ভত এক শুনানি অনুষ্ঠিত হয় । এই শুনানিত শীৰ্ষ আদালতে কলিকতা উচ্চ ন্যায়ালয়ে দিয়া আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে ।

মন কৰিবলগীয়া যে এটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন অহা ৮ জুলাইত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে পশ্চিমবংগ চৰকাৰে নিৰাপত্তাৰ দায়িত্ব ৰাজ্যিক আৰক্ষীৰ হাতত ৰাখিব বিচাৰে । অৱশ্যে মমতা বেনাৰ্জী চৰকাৰে আন কেইবাখনো ৰাজ্যৰ পৰা আৰক্ষী বিচাৰিছে যদিও বাৰে বাৰে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ বিৰোধিতা কৰি আহিছে ।

উল্লেখ্য, বংগত পঞ্চায়ত নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে কলিকতা উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল । মনোনয়নৰ ম্যাদ বৃদ্ধি আৰু কেন্দ্ৰীয় বাহিনী মোতায়েনকে ধৰি কেইবাটাও দাবীত এই গোচৰটো ৰুজু কৰা হৈছিল । মুখ্য ন্যায়াধীশ টি এছ শিৱগনানামৰ নেতৃত্বত খণ্ড বিচাৰপীঠে ৰাজ্যখনৰ সংবেদনশীল জিলাসমূহত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিছিল । এই নিৰ্দেশ যোৱা মঙলবাৰে প্ৰদান কৰা হৈছিল ।

আনহাতে, ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে উক্ত ৰায়ৰ সেই অংশটো সংশোধন কৰিবলৈ শীৰ্ষ আদালতৰ কাষ চাপে । চৰকাৰৰ যুক্তি আছিল যে ৰাজ্যিক নিৰ্বাচন আয়োগে কোনো অঞ্চলকে সংবেদনশীল বুলি ঘোষণা কৰা নাই । কিন্তু মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সময়ত দক্ষিণ ২৪ পৰগণাকে ধৰি বংগৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনা প্ৰত্যক্ষ কৰি উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ সকলো ঠাইতে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Jagannath Rath Yatra 2023: আজিৰে পৰা আৰম্ভ হ’ল জগন্নাথ ৰথ যাত্ৰা, এই উপলক্ষে চাওক জগন্নাথ ৰথ যাত্ৰাৰ কিছু বিশেষ মূহুৰ্তৰ ছবি

ABOUT THE AUTHOR

...view details