নেশ্যনেল ডেস্ক , 2 ছেপ্তেম্বৰ :পশ্চিম বংগত সংঘটিত নিৰ্বাচনোত্তৰ হিংসাৰ গোচৰৰ তদন্তৰ বাবে নতুনকৈ দহজন IPS বিষয়াক নিয়োগ কৰিছে ৷ ৰাজ্যখনৰ নিৰ্বাচনোত্তৰ হিংসাৰ গোচৰৰ তদন্তৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে গঠন কৰা এক বিশেষ অনুসন্ধানকাৰী দল(special investigating team)ক সহায় কৰাৰ বাবে পশ্চিম বংগ চৰকাৰে দহজন আইপিএছ বিষয়া নিয়োগ কৰিছে ৷ বৃহস্পতিবাৰে এজন জ্যেষ্ঠ বিষয়াই এই বিষয়ে সদৰী কৰে ৷
লগতে পঢ়ক :ত্ৰিপুৰাত উপস্থিত হৈ কংগ্ৰেছ সম্পৰ্কে কি ক'লে সুস্মিতা দেৱে ?
বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ অঞ্চলৰ লগতে কলকাতা আৰক্ষী অঞ্চল(Kolkata Police areas)ৰ বাবে IPS বিষয়াসকলক নিয়োজিত কৰা হৈছে ৷ ৰাজ্যৰ গৃহ বিভাগে(home department) জাৰি কৰা এক নিৰ্দেশৰ জৰিয়তে এই IPS বিষয়াসকলক তেওঁলোকৰ দৈনন্দিন কৰ্তব্যৰ উপৰিও SITক সহযোগ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷