নেচনেল ডেস্ক, 15 মে':পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে শনিবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰে নিৰ্বাচনী হিংসাৰ দ্বাৰা প্ৰভাৱিত নন্দীগ্ৰামৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷
শনিবাৰে পুৱাৰ ভাগত ধনকাৰে হৰিপুৰ হেলিপেড ময়দানত অৱতৰণ কৰাৰ পাচতে বিজেপিৰ বিধায়ক সুভেন্দু অধিকাৰীয়ে তেওঁক আদৰণি জনায় ৷ শুকুৰবাৰে ৰাজ্যপাল গৰাকীয়ে এক টুইটযোগে তেওঁৰ ভ্ৰমণৰ কথা সদৰি কৰি কয় যে, নিৰ্বাচনোত্তৰ হিংসাৰ অভিযোগৰ তদন্ত কৰাটোৱে তেওঁৰ নন্দীগ্ৰাম ভ্ৰমণৰ একমাত্ৰ লক্ষ্য ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাই ৰাজ্যপাল গৰাকীয়ে কয় যে, নিৰ্বাচনোত্তৰ হিংসাৰ লগতে ক'ভিডসৃষ্ট পৰিৱেশৰ ফলত ৰাজ্যখন এক সংকটৰ মাজেৰে গতি কৰিছে ৷ সেয়েহে লাখ লাখ মানুহৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ধনকাৰে মন্তব্য কৰে ৷