নেশ্যনেল ডেস্ক,16 মাৰ্চ:মঙলবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পশ্চিমবংগৰ পুৰুলিয়া, বাংকুৰা আৰু পশ্চিম মেদিনীপুৰত এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰে ৷ লগতে পুৰুলিয়াত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই জনসভাৰ পৰাই পশ্চিমবংগৰ চৰকাৰক তীব্ৰ ভাষাৰে কটু সমালোচনা কৰা পৰিলক্ষিত হয় ৷ এই জনসভাৰ পৰাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ দোষী সকলক 2 মে’ত দণ্ডিত কৰা হ’ব ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, জন সাধাৰণৰ আৰ্শীবাদ সদায় ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত থাকিব ৷ আনহাতে, গোৱালক আঘাত কৰি গো-হত্যাৰ অপৰাধত ওকালতি কৰা তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীসকলক তীব্ৰ ভাষাৰে সমালোচনাও কৰে ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, পশ্চিমবংগৰ লোকসকলে আৰু বেছি দিন দুখ-কষ্ট সহ্য কৰিব নালাগে ৷ কিয়নো 2 মে’ৰ পাছত তৃণমূল কংগ্ৰেছৰ গুণ্ডাৰাজ আৰু অৰাজকতাৰ অন্ত পৰিব ৷ লগতে তেওঁ কয় যে, যেতিয়া বিজেপিয়ে শাসন কৰিব বংগত তেতিয়া তৃণমূল কংগ্ৰেছৰ গুণ্ডা তথা দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব ৷