অসম

assam

By

Published : Apr 24, 2021, 5:09 PM IST

ETV Bharat / bharat

হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

আজি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ 48সংখ্যক জন্মদিন ৷ মাৰ্চ মাহৰ শেষৰ ফালে কৰ'ণাত আক্ৰান্ত হৈ সুস্থ হোৱা প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ জন্মদিনত অলেখ শুভাকাংক্ষীয়ে জনাইছে শুভকামনা ৷ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে 2013 চনত লাভ কৰিছিল ভাৰত ৰত্নৰ খিতাপ ৷

হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!
হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

নিউজ ডেস্ক,24এপ্ৰিল : আজি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ 48 সংখ্যক জন্মদিন ৷ ক'ভিড-১৯ত আক্ৰান্ত হৈ ছয় দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাচত সুস্থ হৈ উঠা ভাৰতৰ প্ৰাক্তন ক্ৰিকেতাৰ তথা আইকন গৰাকীৰ জন্মদিনত আজি অলেখ শুভাকাংক্ষীয়ে জনাইছে জন্মদিনৰ শুভকামনা ৷

হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ জন্মদিনৰ দিনটোত প্ৰাক্তন পেচ বলাৰ ভেঙ্কটেশ প্ৰসাদেও টুইটাৰৰ জৰিয়তে জনায় জন্মদিনৰ শুভকামনা ৷ পেচ বলাৰ গৰাকীয়ে কিংবদন্তি গৰাকীৰ সৈতে ভাগ বতৰা কৰা কিছুমান গৌৰৱময় মুহূৰ্তৰ ফটো পোষ্ট কৰি টুইটাৰত সঁচা হৈছে সত্য, সঁচা হৈছে জীৱন, সঁচা হৈছে উত্তৰ, সঁচাই এইটো বুলি পোষ্ট কৰে । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন গৰাকীক আটাইতকৈ নম্ৰ আৰু অবিশ্বাস্য মানুহ বুলি মন্তব্য কৰি টুইটাৰত @sachin_rt #HappyBirthdaySachin বুলি উল্লেখ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ৷

উল্লেখ্য যে, ১৯৭৩ চনৰ ২৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰ গৰাকীয়ে ১০০ টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰি অভিলেখ গঢ়িছিল ৷ ৪৯ খন এদিনীয়া আন্তৰ্জাতিক আৰু ৫১ খন টেষ্টত শতকেৰে এইগৰাকী ক্ৰিকেটাৰে সৰ্বোচ্চ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাকে ধৰি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰেপৰি দেশৰ লেখত লবলগীয়া চাৰিগৰাকী ক্ৰিকেটাৰৰ ভিতৰতে প্ৰথম স্থান দখল কৰি আহিছে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে । শচীন তেণ্ডুলকাৰৰ লগতে শীৰ্ষত থকা আন তিনি গৰাকী ক্ৰিকেটাৰ হৈছে মহেন্দ্ৰ সিং ধোনী (২০০৭/০৮), বৰ্তমানৰ ভাৰতৰ অধিনায়ক বিৰাট কোহলী (২০১৮) আৰু ৰোহিত শৰ্মা (২০২০)।

অন্য এক খবৰৰ বাবে:ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে 2013 চনত লাভ কৰিছিল ভাৰত ৰত্ন ৷ তেণ্ডুলকাৰ আছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা একমাত্ৰ প্ৰাপক ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ গ্ৰহণ কৰাৰ পাচতে ক্ৰিকেটাৰ গৰাকীয়ে লাভ কৰিছিল এই সন্মান ৷

হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

শেহতীয়াকৈ সমগ্ৰ দেশতে সন্ত্ৰাস সৃষ্টি কৰা ক'ভিড 19ত আক্ৰান্ত হৈছিল ক্ৰিকেটাৰ গৰাকী ৷ মাৰ্চ মাহৰ শেষৰ ভাগত ক'ভিড-১৯ৰ পৰীক্ষাত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ পাছতে তৎকালেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হৈছিল তেণ্ডুলকাৰ আৰু যোৱা ৮ এপ্ৰিলত ভাৰতৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে আৰোগ্য হৈ ঘৰলৈ উভতি আহিছিল ।

ক্ৰিকেটাৰ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ পাচতে সকলো শুভাকাংক্ষীলৈ ৮ এপ্ৰিলত টুইটাৰযোগে এইদৰে লিখিছিল,মই এইমাত্ৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিছো ৷ মই বিশ্ৰাম আৰু আৰোগ্য হৈ থকাৰ সময়ত অকলশৰীয়া হৈ থাকিম । শুভকামনা আৰু প্ৰাৰ্থনাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছো । মই সচাকৈয়ে প্ৰশংসা কৰো, মোৰ সেই চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক ৷ তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম ৷ যি সকলে মোৰ বহু যত্ন লৈছিল ৷ তদুপৰি এনে কঠিন পৰিস্থিতিত এবছৰ ধৰি তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰি আহিছে

হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ জন্মদিনত আন এজন অনুৰাগীয়ে টুইটাৰযোগে "ক্ৰিকেটৰ ঈশ্বৰখ্যাত ব্যক্তি গৰাকীক জনালো জন্মদিনৰ শুভেচ্ছা । ক্ৰিকেটৰ দ্বাৰা বিখ্যাত হোৱা বহুতো আছে; কিন্তু এনে এজন মানুহ আছে যিয়ে ক্ৰিকেটক বিখ্যাত কৰি তুলিছিল । ব্যক্তি গৰাকীয়ে #SachinTendulkar" লিখি এনেদৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷

অন্য এক খবৰৰ বাবে:বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলীৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details