চিটাৰা ডেস্ক, ১ আগষ্ট :বন্ধুত্বদিৱসৰ দিনটোতে মুকলি পালে এছ.এছ. ৰাজামৌলীৰ(S S Rajamouli) আটাইতকৈ প্ৰত্যাশিত চলচ্চিত্ৰ RRRৰ থীম চং, 'DOSTI' ৷ এম.এম. কীৰাৱানীৰ লগতে পাঁচগৰাকী শিল্পীয়ে গীতটোত কণ্ঠদান কৰিছে ৷ অমিত ত্ৰিবেদী, অনিৰুদ্ধ ৰবিচন্দ্ৰ, বিজয় য়েচুদাস, হেমা চন্দ্ৰ আৰু য়াজিন নাজিৰে এই গীতটোত কণ্ঠদান কৰিছে ৷ এই কন্ঠশিল্পীসকলে হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত থীম ট্ৰেকটোত কণ্ঠদান কৰিছে ৷ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে T-Series আৰু Lahiri Music ৷
ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাজামৌলীয়ে টুইটাৰযোগে লিখিছে, "This Friendship day, witness the coming together of 2 powerful opposing forces - RamarajuFire& Bheem Water wave #Dosti Music Video: https://youtu.be/VPT_EIo89cc @MMKeeravaani @itsvedhem @anirudhofficial @ItsAmitTrivedi @IAMVIJAYYESUDAS #YazinNizar @TSeries @LahariMusic #RRRMovie #Natpu #Priyam." এছ এছ ৰাজামৌলী দ্বাৰা পৰিচালিত ছবিসমূহক ভাৰতত প্ৰযোজিত আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ হিচাপে ধৰা হয় ৷ এই ছবিখনত স্বাধীনতা সংগ্ৰামী আল্লুৰী সিতাৰাম ৰাজু আৰু কমাৰাম ভীমৰ চৰিত্ৰত দুই অভিনেতা ক্ৰমে ৰাম চৰণ আৰু Jr NTRএ অভিনয় কৰিছে ৷ ব্ৰিটিছৰ লগতে হাইদৰাবাদৰ নিজামৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পটভূমিত ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে ৷