নেশ্যনেল ডেস্ক, ৫ জুলাই : এ আই এম আই এম(AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেছি(Asaduddin Owaisi)ক ভাৰতৰ বাগদাদী আখ্যা দিলে চিয়া ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱীয়ে । আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ওৱেছিয়ে প্ৰতিদন্দিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পিছৰে প্ৰায়ে নানান মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰি আহিছে ওৱেছিয়ে । শেহতীয়াকৈ তেওঁ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত শাসকীয় দল তথা দলীয় নেতাক তীব্ৰ সমালোচনা কৰি চৰ্চালৈ আহিছে । সোমবাৰে মোহন ভাগৱতকো সমালোচনা কৰিছিল ওৱেছিয়ে ।
ইয়াৰ পাছতে ৱাছিম ৰিজৱীয়ে সংখ্যালঘু সন্দৰ্ভত আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে(Mohan Bhagwat) কৰা মন্তব্যৰ প্ৰতি সমৰ্থন জনাই ওৱেছিক তীব্ৰ সমালোচনা কৰে । তেওঁ ওৱেছিক আই এছ আই এছ(ISIS)ৰ সন্ত্ৰাসবাদী আবু বকৰ আল-বাগদাদীৰ সৈতে তুলনা কৰে । তেওঁ কয় যে, শান্তি-সম্প্ৰীতিৰ বাবে হিন্দু, মুছলমান আৰু আন সকলো ধৰ্মৰ লোকৰ মাজত ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাবে মোহন ভাগৱতে কৰা মন্তব্য ভাৰতৰ বাগদাদী অৰ্থাৎ আছাউদ্দিন ওৱেচিয়ে ভাল নাপাব । ৱাছিম ৰিজৱীয়ে লগতে কয় যে, ওৱেছি ভাৰতৰ এজন মুছলমান জেহাদী, যি প্ৰেমৰ অৰ্থ বুজি নাপায় আৰু ধৰ্মান্তৰকৰণৰ বিষয়ত কটু মন্তব্য কৰে ।