নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ : ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে(Union Public Service Commission) ঘোষণা কৰিলে বহু আকাংক্ষিত অসামৰিক সেৱা পৰীক্ষা 2020(Civil Services Examination 2020)ৰ ফলাফল ৷ ফলাফল লাভ কৰি তালিকাৰ শীৰ্ষস্থানত থকা শুভম কুমাৰে(Shubham Kumar) কয় যে, শীৰ্ষস্থান লাভ কৰিব বুলি তেওঁ মুঠেও আশা কৰা নাছিল ৷
IIT Bombay ৰ পৰা civil engineering ত B.Tech গ্ৰেজুৱেট কুমাৰে নৃতত্ত্ব(anthropology)ক তেওঁৰ বৈকল্পিক বিষয় হিচাপে লৈ তৃতীয়টো প্ৰয়াসত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ 2018 চনত প্ৰথমবাৰৰ বাবে তেওঁ অসামৰিক সেৱাৰ বাবে প্ৰয়াস কৰিছিল ৷ 2019 চনত দ্বিতীয়টো প্ৰচেষ্টাত তেওঁ 290তম স্থান লাভ কৰিছিল আৰু Indian Defence account Serviceত অন্তৰ্ভুক্ত হৈছিল ৷
ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত আনন্দ প্ৰকাশ কৰি কুমাৰে কয়, "ফলাফলক লৈ মই যথেষ্ট সুখী, কাৰণ নিজৰ ফালৰ পৰা যিমান পাৰি সিমান দিবলৈ মই চেষ্টা কৰিছিলো ৷ মই নিজে নিশ্চিত নাছিলো যে, মই এয়া কৰিব পাৰিম " ৷ তেওঁ কয় যে, পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ তেওঁৰ মনত বৰ বেছি আত্মবিশ্বাস নাছিল, কিয়নো Main পৰীক্ষাত তেওঁ বহু প্ৰশ্নৰ উত্তৰ ভালকৈ দিব পৰা নাছিল ৷
কাটিহাৰৰ বাসিন্দা শিভম কুমাৰে Purniaৰ Vidya Vihar Residential Schoolত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৷ পাচত Bokaroৰ Chinmaya Vidyalayaৰ পৰা ৯৮ শতাংশ নম্বৰৰ সৈতে দ্বাদশ উত্তীৰ্ণ হয় আৰু IIT Bombayৰ পৰা স্নাতক হোৱাৰ পাচতে UPSCৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ৷