নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই আজি চিবিআইৰ দুৰ্নীতিবিৰোধী ব্যুৰ'ৰ (Anti Corruption Bureau of CBI) এজন কৰ্মচাৰীৰ আত্মহত্যাৰ বিষয়ে নিজৰ বক্তব্য ৰাখে (suicide of Anti Corruption Bureau officer) । এই সন্দৰ্ভত তেওঁ এক সংবাদমেলত কয়, (Manish Sisodia press conference) ‘‘বিষয়াজনক মোৰ বিৰুদ্ধে অবৈধ আৰু ভুৱা ধৰণে গোচৰ ৰুজু কৰিবলৈ অনুমতি দিবলৈ অন্যায়ভাৱে হেঁচা প্ৰদান কৰা হৈছিল’’ ।
আনহাতে, চিবিআইৰ আইনী উপদেষ্টা জীতেন্দ্ৰ কুমাৰো মানসিকভাৱে চাপত আছিল । মণীষ ছিছোডিয়াৰ বিস্ফোৰণ, বিষয়াজনৰ ওপৰত চাপ সৃষ্টি কৰি তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি মণীষ ছিছোডিয়াই কয়, (Manish Sisodia PM Narendra Modi), "আপুনি মোক ফান্দত পেলাব বিচাৰিছে, পেলাওক । মোৰ বিৰুদ্ধে অভিযান চলাব বিচাৰে, মোৰ ওপৰত অভিযান চলাওক । আপুনি মোৰ বিৰুদ্ধে এক ভুৱা এজাহাৰ পঞ্জীয়ন কৰিব বিচাৰে, সেইটোও কৰক । আপুনি যি কৰিব বিচাৰে, সেয়াই কৰক । কিন্তু বিষয়াসকলক এনেদৰে হেঁচা দি তেওঁলোকক আত্মহত্যা কৰিবলৈ বাধ্য নকৰিব । এনে ধৰণৰ ঘটনাৰ ফলত পৰিয়ালবোৰ বিধ্বস্ত হৈ পৰিছে । মই বৰ আঘাত পাইছোঁ (CBI raid at Manish Sisodia house)" ।
সংবাদমেলত তেওঁ প্ৰধানমন্ত্ৰী মোডীক তিনিটা প্ৰশ্নও সোধে (Manish Sisodia alleged on BJP) । ষ্টিং অপাৰেচন সন্দৰ্ভত বক্তব্য ৰাখি মণীষ ছিছোডিয়াই কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা কেইবাদিনো ধৰি চিঞৰ-বাখৰ কৰি আছে যে কেলেংকাৰী হৈছে, কেলেংকাৰী হৈছে । কোটি টকাৰ কেলেংকাৰী হৈছে । চিবিআইৰ দ্বাৰা তদন্ত কৰালে (investigation done by CBI), অভিযান চলালে । কিন্তু তাৰ পাছতো একো পোৱা নগ'ল । এই সকলোবোৰ মিছা আৰু পৰিকল্পিতভাৱে কৰা হৈছে ।
লগতে পঢ়ক :২০২৪ ৰ নিৰ্বাচনত বিজেপিয়ে ৫০ তকৈ বেছি আসন নাপায় : নীতিশ কুমাৰ