নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : খলিস্তানপন্থী প্ৰচাৰক অমৃতপাল সিঙৰ (pro Khalistan preacher Amritpal Singh) নেতৃত্বত 'ৱাৰিছ পঞ্জাব দি'ৰ (Waris Punjab De) সদস্যসকলে পঞ্জাবৰ অমৃতসৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ কেইঘণ্টামান পিচতে সিঙৰ সহায়ক আৰু সংগঠনটোৰ সদস্য লাভপ্ৰীত তুফানক বৃহস্পতিবাৰে ৰাজ্যিক আৰক্ষীয়ে মুকলি কৰি দিয়ে (Amritpal Singh clash with Punjub Police) ।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অমৃতসৰৰ এছএছপিয়ে উল্লেখ কৰে যে, টুফানৰ মুক্তি 'পঞ্জাব আৰক্ষীৰ সন্মুখত উপস্থাপন কৰা প্ৰমাণ'ৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে । "গোচৰটোৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে ।" তেওঁ লগতে কয় (Waris Punjab De member Toofan released) ।
দিনটোৰ আৰম্ভণিতে সিঙে সতৰ্কবাণী প্ৰদান কৰাৰ পিচতে তেওঁ সংঘৰ্ষত আৰক্ষী কৰ্মীসকল আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ খণ্ডন কৰে । "আৰক্ষী কৰ্মীসকল আঘাতপ্ৰাপ্ত হোৱাৰ মিছা বাতৰি প্ৰচাৰ কৰা হৈছে । আমাৰ 10-12 জন লোক আঘাতপ্ৰাপ্ত হৈছে । তুফান সিঙক মুকলি কৰা উচিত, আমি আৰু ২৪ ঘণ্টা অপেক্ষা নকৰোঁ ।" সংবাদ সংস্থা এএনআইৰ উদ্ধৃতি অনুসৰি তেওঁ এনেদৰে কয় (Waris Punjab De protest Tufan Singh detention) ।
তেওঁ লগতে উল্লেখ কৰে যে, গোচৰটোত এজাহাৰ দাখিল কৰাটো সম্পূৰ্ণৰূপে এটা 'ৰাজনৈতিক উদ্দেশ্য'ৰ বাবে হৈছিল । তেওঁ কয়, "যদি তেওঁলোকে পৰৱৰ্তী এঘণ্টাৰ ভিতৰত গোচৰটো বাতিল নকৰে তেন্তে পৰৱৰ্তী সময়ত যি ঘটিব তাৰ বাবে প্ৰশাসন দায়বদ্ধ হ'ব ।" ইয়াৰ পূৰ্বে তুফানক আটক কৰাৰ বিৰুদ্ধে সিং আৰু তেওঁৰ সমৰ্থকসকলে অমৃতসৰত এক প্ৰতিবাদী সমদল উলিয়াইছিল । জালুপুৰ খাইৰা গাঁৱত আজনালা আৰক্ষী থানা অভিমুখে পদযাত্ৰা আৰম্ভ হৈছিল ।