নেশ্যনেল ডেস্ক,১২ জানুৱাৰী : "কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীয়ে ছট্টীশগড়ৰ গাঁওসমূহত ড্ৰোণ আৰু হেলিকপ্টাৰেৰে বিমান আক্ৰমণ কৰিছে ।" এই অভিযোগ চিপিআই (মাওবাদী) দক্ষিণ বস্তাৰ ডিভিজন কমিটিৰ সম্পাদক গঙ্গাৰ (CPIM leader allegation against CRPF)। প্ৰেছ বিজ্ঞপ্তিযোগে এই গুৰুতৰ অভিযোগ কৰে মাওবাদী নেতাগৰাকীয়ে । আনহাতে, কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীৰ (CRPF) আইজিয়ে বস্তাৰ বিভাগত নিৰাপত্তা বাহিনীৰ দ্বাৰা কোনো ধৰণৰ আকাশী আক্ৰমণ হোৱাৰ কথা অস্বীকাৰ কৰিছে (Maoist allege aerial bombardment in Bastar)।
মাওবাদী নেতাগৰাকীয়ে অভিযোগ কৰা মতে চিআৰপিএফৰ কমাণ্ডো বেটেলিয়ন ফৰ ৰিজলুট একচনয়ে (কোব্ৰা) বিমান আক্ৰমণ কৰিছে । এই ধৰণৰ মাজতে বুধবাৰে ছট্টীশগড়ৰ দক্ষিণ বস্তাৰ বিভাগৰ জংঘলত নক্সাল আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হয় (Clashes between naxal and security forces)। চিআৰপিএফৰ এগৰাকী বিষয়াই অভিযোগ কৰা মতে নক্সাল বিৰোধী অভিযানৰ বাবে বিদ্ৰোহীসকল পিছ হুঁহকি থাকিবলগীয়া হৈছে । সেয়েহে তেওঁলোকে এনে মিছা কাহিনীৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰে বিষয়াগৰাকীয়ে ।
ইফালে মাওবাদী নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে ছট্টীশগড় আৰু তেলেংগানাৰ যুটীয়া বাহিনীয়ে যোৱা এমাহ ধৰি অঞ্চলটোত বোমা বিস্ফোৰণ কৰিবলৈ হেলিকপ্টাৰ আৰু ড্ৰোণ ব্যৱহাৰ কৰি আছে (Allegation of airstrikes in Bastar division)। অভিযোগ অনুসৰি যে যোৱা বছৰৰ ১৫ এপ্ৰিলতো দক্ষিণ বস্তাৰ বিভাগৰ পামাৰ অঞ্চলত বোমাবর্ষণ কৰা হৈছিল ।