অসম

assam

ETV Bharat / bharat

মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সজাগতা অভিযান - লুংলেইৰ বিধায়ক ডাঃ কে পাচুংগা

অসম ৰাইফলছৰ (পূব) ক্ষেত্ৰৰ মহাপৰিদৰ্শকৰ অধীনৰ 46 অসম ৰাইফলছে শনিবাৰৰ পৰা মিজোৰামত আৰম্ভ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান ৷ ৰাজ্যখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এইদৰে অসম ৰাইফলছে এই অভিযান আৰম্ভ কৰিছে ৷

ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বিশেষ শপতগ্ৰহণ অনুষ্ঠান
ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বিশেষ শপতগ্ৰহণ অনুষ্ঠান

By

Published : Jan 2, 2021, 9:32 PM IST

আইজল, 2 জানুৱাৰী :অসম ৰাইফলছৰ (পূব) ক্ষেত্ৰৰ মহাপৰিদৰ্শকৰ অধীনত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত শনিবাৰৰ পৰা মিজোৰামত আৰম্ভ হৈছে ড্ৰাগছৰ বিৰুদ্ধে এক বৃহৎ সজাগতা অভিযান ৷ আইজলস্থিত 46 অসম ৰাইফলছৰ মুখ্যালয়ৰ পৰা আইজিএআৰ(পূব)ৰ মহাপৰিদৰ্শকে এই অভিযানৰ শুভাৰম্ভনি কৰে ৷

ৰাজ্যখনৰ চাৰিটা পৰ্যায়ত এই অভিযান চলিব ৷ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ ড্ৰাগছৰ দৰে মহাব্যাধিৰ পৰা আঁতৰাই আনিবলৈ অসম ৰাইফলছে এইদৰে নিজাকৈ বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিছে ৷

1984 চনৰ পৰাই মিজোৰামে ড্ৰাগছৰ কৱলত পৰি হেৰুৱাইছে 1630টাকৈ মূল্যৱান জীৱন ৷ ইয়াৰ ভিতৰত 131 গৰাকী মহিলা আছিল ৷ 2020ত 50গৰাকীৰ ড্ৰাগছৰ ফলত মৃত্য়ু হয় ৰাজ্যখনত ৷ দেশৰ ভিতৰতে 0.07 শতাংশৰে ড্ৰাগছৰ কৱলত পৰা ৰাজ্যৰ শীৰ্ষস্থানত আছে মিজোৰাম ৷

মিজোৰামৰ সমাজ কল্যান বিভাগে শেহতীয়াকৈ সম্পন্ন কৰা এক সমীক্ষাত আইজলত 27.8 শতাংশ ড্ৰাগছ ব্যৱহাৰকাৰী আছে বুলি পোহৰলৈ আহিছিল ৷ ইয়াৰ উপৰিও লংলাইত 5.9 শতাংশই ড্ৰাগছ ব্যৱহাৰ কৰে বুলি সমীক্ষাটোত প্ৰকাশ পাইছিল ৷ ড্ৰাগছ ব্যৱহাৰকাৰীসকলৰ ভিতৰত 40-45 শতাংশই মধ্যমীয়া শিক্ষা, 35-40 শতাংশই উচ্চ শিক্ষা আৰু 10-15 শতাংশই স্নাতক শিক্ষা সম্পন্ন কৰিছে ৷ ইয়াৰ ভিতৰত অধিকাংশই নিবনুৱা আছিল আৰু এইসকলে ড্ৰাগছ বিক্ৰী একমাত্ৰ উপাৰ্জনৰ পথ হিচাপে বাচি লৈছিল আৰু এই তালিকাত শীৰ্ষস্থানত আছে আইজল ৷ ড্ৰাগছ ব্যৱহাৰকাৰীসকলৰ ভিতৰত 94 শতাংশই পুৰুষ আছিল বুলি সমীক্ষাটোত প্ৰকাশ পাইছে ৷

মিজোৰামত ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সজাগতা অভিযান

ক্ৰমাগতভাৱে বৃদ্ধি পোৱা এই সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখিছে স্থানীয় প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ সহযোগত ইয়াক প্ৰতিৰোধ কৰিবলৈ অসম ৰাইফলছে এই সজাগতা অভিযান আৰম্ভ কৰিছে ৷ আইজলস্থিত 46 অসম ৰাইফলছৰ মুখ্যালয়ৰ পৰা আইজিএআৰ(পূব)ৰ মহাপৰিদৰ্শক ব্ৰীগেডিয়াৰ দিগবিজয় সিং (সেনা মেডেল) এ এই অভিযান শনিবাৰে আৰম্ভ কৰে ৷ অভিযানত 46 অসম ৰাইফলছৰ কামাণ্ডেন্ট, ৰয়েল নাইটছ নামৰ সংস্থা, মিজোৰাম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰাজনীশ গুপ্তা আৰু লুংলেইৰ বিধায়ক ডাঃ কে পাচুংগাৰ লগতে বহুটো স্বেচ্ছাসেৱী সংগঠনে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :অৰুণাচলৰ পূৰ্বৱৰ্তী অঞ্চল পৰিদৰ্শন চিডিএছ জেন. ৰাৱাটৰ

ABOUT THE AUTHOR

...view details