অসম

assam

ETV Bharat / bharat

Wrestler Protest : প্ৰতিশ্ৰুতিমতে কাম নহ'লে মল্লযুঁজাৰুসকলে ল'ব পৰৱৰ্তী পদক্ষেপ - Sakshi Malik

ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে অভিযোগনামা দাখিল কৰে । অভিযোগনামাৰ প্ৰতিলিপি বিচাৰি মল্লযুঁজাৰুসকলৰ অধিবক্তাই আবেদন কৰিছে । সাক্ষী মালিকৰ মতে অভিযোগনামা প্ৰত্যক্ষ কৰাৰ পাছত মল্লযুঁজাৰুসকলে পৰৱৰ্তী সিদ্ধান্ত ল'ব ।

Wrestler Protest
প্ৰতিশ্ৰুতিমতে কাম নহ'লে মল্লযুঁজাৰুসকলে ল'ব পৰৱৰ্তী পদক্ষেপ

By

Published : Jun 16, 2023, 10:50 AM IST

স্পৰ্টছ ডেস্ক,১৬ জুন : চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ নহ'লে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে । এই ঘোষণা তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকৰ । ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পাছতে এই মন্তব্য সাক্ষী মালিকৰ ।

উল্লেখ্য যে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰি আশ্বাস দিছিল যে ১৫ জুনৰ ভিতৰত দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুক যৌন নিৰ্যাতন গোচৰত অভিযোগনামা দাখিল কৰিব । তাৰ পাছত প্ৰতিবাদ স্থগিত ৰাখিছিল মল্লযুঁজাৰুসকলে । সেই প্ৰতিশ্ৰুতি অনুসৰি বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত অভিযোগনামা দাখিল কৰে ।

ইতিমধ্যে মল্লযুঁজাৰুসকলৰ অধিবক্তাই অভিযোগনামাৰ প্ৰতিলিপি বিচাৰি আদালতত আবেদন জনাইছে । সাক্ষী মালিকৰ মতে অভিযোগনামাখন লাভ কৰাৰ পাছত তেওঁলোকে পৰৱৰ্তী পদক্ষেপৰ বাবে সিদ্ধান্ত ল'ব ।

সাক্ষী মালিকৰ মতে অভিযোগনামাত স্পষ্টকৈ কোৱা হৈছে যে ব্ৰীজ ভূষণ চৰণ সিং দোষী কিন্তু তেওঁলোকৰ অধিবক্তাই এখন আবেদন দাখিল কৰিছে যাতে অতি সোনকালে অভিযোগনামাখন লাভ কৰিব পাৰে । তাত কি কি অভিযোগ উল্লেখ কৰা হৈছে সেইবোৰ মল্লযুঁজাৰুসকলে চাব । তাৰ পাছত সেই অভিযোগবোৰ শুদ্ধ হয় নে নহয় সেয়া তেওঁলোকে লক্ষ্য কৰিব । সকলোবোৰ পৰ্যবেক্ষণ কৰাৰ পাছত আৰু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰে নে নাই সেয়াও মল্লযুঁজাৰুসকলে লক্ষ্য কৰিব । তাৰ পাছত মল্লযুঁজাৰু আগন্তুক পদক্ষেপৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সাক্ষী মালিকে উল্লেখ কৰে ।

মল্লযুঁজাৰুসকলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । আইপিচিৰ ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬ (১) ধাৰাৰ অধীনত অভিযোগনামা দাখিল কৰা হয় ।

ইফালে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ নিৰ্বাচনৰ বাবে নৱনিযুক্ত ৰিটাৰ্ণিং বিষয়া মহেশ মিত্তাল কুমাৰে এক বিবৃতিত কয় যে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ চলিত প্ৰতিবাদৰ মাজতে মল্লযুঁজ ফেডাৰেশ্যন অৱ ইণ্ডিয়াই ৬ জুলাইত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :Wrestlers protest : আজি আৰক্ষীয়ে দাখিল কৰিব মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা

ABOUT THE AUTHOR

...view details