নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: শুক্ৰবাৰে অন্ত পৰিল নৌসেনাৰ বিশাখাপট্টনম নৌ বন্দৰ ঘাটিত কৰ্মৰত কৰ্মচাৰীৰ ৫,৫০০ কিলোমিটাৰ জোৰা ৰেলীৰ । ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু বিশাখাপট্টনমৰ নৌ বন্দৰ ঘাটিৰ সোণালী জয়ন্তী উপলক্ষে এই বাইক, চাৰিচকীয়া বাহন আৰু মহিলাৰ চাইকেল ৰেলী উলিওৱা হৈছিল ।
পূৱ নৌসেনা কামাণ্ডাৰ, উপ-এ ডি এম অজেন্দ্ৰ বাহাদুৰ সিং, মুখ্য বিষয়াসকল, ই এন চি আৰু নৌ বন্দৰ ঘাটিৰ বিষয়াৰ দলৰ উপস্থিতিত ৰেলীত অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱা হয় । ৰেলীৰ সফল সমাপ্তিৰ বাবে সকলোৱে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনায় ।