অসম

assam

ETV Bharat / bharat

Karnataka Polls 2023 : কৰ্ণাটকত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান, দিনৰ ১ বজালৈকে ৩৭.৫ শতাংশ ভোটদান - Karnataka Assembly election 2023 voting

সমগ্ৰ কৰ্ণাটকৰ ৫৮,৫৪৫ টা ভোটকেন্দ্ৰত প্ৰায় ৫,৩১,৩৩,০৫৪ জন ভোটাৰে ভোটদান কৰিব বুলি আশা কৰা হৈছে । ৰাজ্যখনত ২,৬১৫ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে (Voting for Karnataka assembly polls going on) ।

Karnataka Polls 2023
Karnataka Polls 2023

By

Published : May 10, 2023, 12:56 PM IST

Updated : May 10, 2023, 1:47 PM IST

নিউজ ডেস্ক, ১০ মে' :এক হাই ভল্টেজ প্ৰচাৰৰ পিছত বুধবাৰে পুৱা ৭ বজাৰ পৰা সমগ্ৰ কৰ্ণাটকত আৰম্ভ হৈছে ২২৪ জনীয়া বিধানসভাৰ ভোটদান প্ৰক্ৰিয়া (Karnataka Assembly election 2023) । উল্লেখ্য যে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ আছে দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ নিৰ্বাচনৰ ওপৰত (Voting for Karnataka assembly polls going on) ।

এই নিৰ্বাচনত মুখ্য ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছ আৰু জেডি (এছ)ৰ বহু প্ৰখ্যাত ৰাজনৈতিক নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণ হ'ব । নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা শেহতীয়া তথ্য মতে, ৰাজ্যখনত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । দিনৰ ১ বজা পৰ্যন্ত ৩৭.৫ শতাংশ ভোটদান সম্পন্ন হৈছে । সন্ধিয়া ৬ বজালৈকে ভোটগ্ৰহণ অব্যাহত থাকিব (Karnataka Assembly election 2023 voting) ।

কৰ্ণাটক নিৰ্বাচনৰ ভোটগ্ৰহণৰ ইটো সিটো (Karnataka election voting update)

  • নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয় যে যদিও তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ নকৰে, কিন্তু তেওঁ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা নকৰে । তেওঁ বৰুণা সমষ্টিৰ পৰা ভোটদান কৰে । ভোটদানৰ পূৰ্বে তেওঁ বৰুণাৰ এটা মন্দিৰত প্ৰাৰ্থনা জনায় ।
  • আনহাতে, কৰ্ণাটকৰ জ্যেষ্ঠ বিজেপি নেতা কে এছ ঈশ্বৰাপ্পাই কয় যে কংগ্ৰেছ আৰু জেডি (এছ)য়ে মুছলমান তোষণৰ চেষ্টা কৰিছে । কিন্তু জাতীয়তাবাদী মুছলমানসকল বিজেপিৰ সৈতে থকা বুলি তেওঁৰ দাবী । যিসকলে পিএফআইৰ দৰে দেশবিৰোধী সংগঠনক সমৰ্থন কৰে তেওঁলোক কংগ্ৰেছৰ সৈতে থকা বুলিও তেওঁ লগতে কয় ।
  • ইফালে কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ কথা সোঁৱৰাই দি আক্ৰমণ কৰাৰ পিছতো কংগ্ৰেছে গেছ চিলিণ্ডাৰ নাটকখন অব্যাহত ৰাখিছে । দলীয় কৰ্মীসকলে বেংগালুৰুৰ ৰাজৰাজেশ্বৰী নগৰ অঞ্চলত এলপিজি চিলিণ্ডাৰত মাল্যদান কৰি ধূপকাঠি জ্বলায় ।
  • বিজেপি সাংসদ তেজস্বী সূৰ্যই বেংগালুৰুত ভোটদান কৰে । আনহাতে, তেওঁ গেছ চিলিণ্ডাৰক পূজা আগবঢ়োৱা কংগ্ৰেছক লৈ গৌৰৱ কৰা বুলি কটাক্ষ কৰে ।
  • আনহাতে, নিৰ্বাচনৰ ফলাফলৰ ওপৰত মন্তব্য প্ৰকাশ কৰি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কয় যে কংগ্ৰেছে ১৩০ খনতকৈ অধিক আসন লাভ কৰিব । এই সংখ্যা ১৫০ খনলৈকো বৃদ্ধি হোৱাৰ তেওঁ আশা প্ৰকাশ কৰে ।
  • কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ মীনাই হেব্বাল সমষ্টিত ভোটদান কৰে । কৰ্ণাটক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰামলিঙ্গ ৰেড্ডীয়েও ভোটদান কৰে ।
  • কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হুবলি-ধাৰৱাড কেন্দ্ৰীয় বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জগদীশ শ্বেট্টাৰে পুৱা ১০ বজাত ভোটদান কৰে ।
  • ভোটদান কৰিবলৈ অহা বিজেপি সাংসদ তেজস্বী সূৰ্যই কয় যে বজৰংবলীৰ ভূমি কৰ্ণাটকে শনিবাৰে কংগ্ৰেছৰ সকলো উত্তৰ দিব ।

লগতে পঢ়ক :Karnataka Election 2023 : ইতিহাসৰ ওপৰত চকু বিজেপিৰ, প্ৰত্যাৱৰ্তনৰ আশাত কংগ্ৰেছ

Last Updated : May 10, 2023, 1:47 PM IST

ABOUT THE AUTHOR

...view details