অসম

assam

কেৰালাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

By

Published : Apr 6, 2021, 8:24 AM IST

কেৰালাৰ 140 টা সমষ্টিত আৰম্ভ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ মুঠ 40,771 টা ভোটকেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা 957 গৰাকী ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

Kerala assembly polls
কেৰালাত বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক,6 এপ্ৰিল : মঙলবাৰে কেৰালাৰ 140 টা সমষ্টিৰ 40,771 টা ভোটকেন্দ্ৰত আৰম্ভ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ ৰাজ্যখনত এইবেলি মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,74,46,039 গৰাকী ৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ 2,74,46,039 গৰাকী, মহিলা 1,32,83,724 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 290 গৰাকী ৷ আনহাতে এইবেলি চাকৰিয়াল ভোটাৰৰ সংখ্যা হৈছে 57,160 গৰাকী ৷

এইবেলি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে 957 গৰাকী আৰু মুঠ ভোট কৰ্মীৰ সংখ্যা হৈছে 2,02,402 গৰাকী । সকলো ভোটদান কৰ্মীৰ 97 শতাংশৰ ইতিমধ্যে টীকাকৰণ সম্পন্ন হৈছে ।

ভোটগ্ৰহণৰ সময়ত সামাজিক দূৰত্বৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভোটকেন্দ্ৰসমূহত সামাজিক দূৰত্ব আদি নিয়মবোৰ কঠোৰভাৱে পালন কৰোতে নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰিব বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) আৰু স্বেচ্ছাসেৱকসকলে । ভোটগ্ৰহণৰ অন্তিম সময়চোৱাত সঠিক ক’ভিড-19 প্ৰট’কল আৰু স্বাস্থ্য কৰ্তৃপক্ষৰ তত্বাৱধানৰ সৈতে সম্পূৰ্ণ ক’ভিড-19 প্ৰতিৰক্ষা সঁজুলিত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব ।

ৰাজ্যখনত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত সুৰক্ষিত পৰিৱেশ বজাই ৰাখিবলৈ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি 50 শতাংশতকৈ অধিক ভোটকেন্দ্ৰ (20,441)ৰ পোনপটীয়া নিৰীক্ষণ আৰু ৱেবকাষ্টিং স্থাপন কৰা হৈছে । আয়োগ, মুখ্য কাৰ্যবাহী বিষয়া, ডিইঅ’ আৰু পৰ্যবেক্ষকসকলে পোনপটীয়াকৈ চাব পাৰিব আৰু ভোটকেন্দ্ৰত নজৰ ৰাখিব পাৰিব ।

লগতে পঢ়ক :টিটিএডিচি নিৰ্বাচন: কাৰ ভাগ্য উদয় হ'ব?

ABOUT THE AUTHOR

...view details