নিউজ ডেস্ক, ৩০ নৱেম্বৰ:তেলেংগানাত শাসকীয় বি আৰ এছ, কংগ্ৰেছ আৰু বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ চলি থকা সময়তে আজি তেলেংগানাত ১১৯ জনীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান অনুষ্ঠিত হৈছে । আজি পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ৩৫,৬৫৫ টা ভোটকেন্দ্ৰত ৩.২৬ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, ইয়াৰে ১,৬৩,১৩,২৬৮ জন পুৰুষ ভোটাৰ আৰু ১,৬৩,০২,২৬১ গৰাকী মহিলা ভোটাৰ । ৩ ডিচেম্বৰত হ’ব ভোটগণনা ।
এফালে নিৰ্বাচনত ৰাজ্যখনৰ ৯০০ৰো অধিক নিৰ্দলীয়কে ধৰি ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্বীকৃতিপ্ৰাপ্ত প্ৰায় শতাধিক দলৰ পৰা ২২১গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ প্ৰাৰ্থীসহ মুঠ ২,২৯০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে সন্ধিয়া ৪ বজাৰ ভিতৰত বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত ১৩টা সমষ্টিত ভোটগ্ৰহণৰ অন্ত পৰিব । ভোটদানৰ বাবে ৰাজ্যখনত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।