অসম

assam

ETV Bharat / bharat

Amrit Kalash Yatra: দিল্লী পালেগৈ অসমৰ অমৃত কলহ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

মোৰ মাটি মোৰ দেশ অভিযানৰ অধীনত মঙলবাৰে প্ৰায় 20,000 স্বেচ্ছাসেৱক দিল্লীত উপস্থিত হৈছে। সমগ্ৰ দেশৰ প্ৰতিখন গাঁৱৰ মাটি 8,500 অমৃত কলহ লৈ দিল্লীত উপস্থিত হৈছে স্বেচ্ছাসেৱকসকল ৷

Amrit Kalash Yatra
দিল্লী পালেগৈ অসমৰ অমৃত কলহ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:46 AM IST

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ :মোৰ মাটি মোৰ দেশ অভিযানৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় 20,000 স্বেচ্ছাসেৱক মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত উপস্থিত হয় ৷ মুঠ 23 খন ৰে’লেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা স্বেচ্ছাসেৱকসকলক দিল্লীলৈ অহাৰ সুবিধা কৰি দিয়া হৈছিল ৷

ইয়াৰ পিচতে আজি দিল্লী ৰে'ল ষ্টেচনত বিশেষ ৰে'লেৰে অমৃত কলহ লৈ উপস্থিত হোৱা স্বেচ্ছাসেৱকসকলক বিশাল আদৰণি জনোৱা হয়। এই অমৃত কলহ অভিযানৰ জৰিয়তে সমগ্ৰ দেশৰ প্ৰতিখন গাঁৱৰ মাটি দিল্লীলৈ অনা হৈছে।

উল্লেখ্য যে, স্বাধীনতাৰ 75 বছৰ উপলক্ষে দেশজুৰি দুবছৰ ধৰি চলি অহা অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি 31 অক্টোবৰ তথা আজি মোৰ মাটি মোৰ দেশ অভিযানৰ সমাপ্তি হ’ব ৷ এই বিশেষ দিনটোৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অমৃত কলহ লৈ দিল্লীত উপস্থিত হোৱা স্বেচ্ছাসেৱকসকলক অভিবাদন জনাব ৷

মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে নিঃস্বাৰ্থভাৱে দেশৰ সেৱা কৰিবলৈ প্ৰাণ আহুতি দিয়া সাহসী স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা ৷ দিল্লীত নিৰ্মাণ হ’ব লগা অমৃত ভাটিকাত এই মাটিখিনি সংস্থাপিত কৰা হ’ব। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা 8,500 টা অমৃত কলহ ৰখা হ’ব ৷

ইয়াৰ ভিতৰত অসমৰ ভিন্ন প্ৰান্তৰ পৰা মুঠ 540 টা অমৃত কলহ সংগ্ৰহ কৰি 270 টা কলহ অমৃত ভাটিকাত ৰখা হ’ব। বাকী থকা 270 টা কলহ গহপুৰৰ কনকলতা বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰা হ’ব। ইতিমধ্যে আজি দিল্লীত উপস্থিত হৈছে অসমৰ অমৃত কলহ ৷

যোৱা 27 অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ৰেলৱে ষ্টেচনত গ্ৰীণ ফ্লেগ দেখুৱাই দিল্লী অভিমুখী অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল । অসমৰ মাটি দিল্লীলৈ লৈ যোৱা ৰাজধানী এক্সপ্ৰেছ ৰে’লখন মুকলি কৰাৰ পাচতেই বিগত এমাহে তথা 19 ছেপ্তেম্বৰৰ পৰা 26 অক্টোবৰলৈ অমৃত কলহ যাত্ৰাৰ প্ৰতি সহায় সহযোগিতা আগবঢ়োৱা ৰাজ্যবাসীক মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:Air Marshal PK Barbora Passes Away : ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী অসমীয়া শীৰ্ষ বিষয়া পি কে বৰবৰাৰ দেহাৱসান

ABOUT THE AUTHOR

...view details