নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ :নৱবৰ্ষৰ শুভেচ্ছা জনাই ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শনিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁৰ নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে । লগতে তেওঁ উল্লেখ কৰে যে বিশ্বৰ কঠিন আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ স্বত্বেও দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ আছে ।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে বিদায়ী বৰ্ষত কিছুমান গুৰুত্বপূৰ্ণ উন্নয়ন আৰু ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সহযোগিতাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে । শুভেচ্ছা বাৰ্তাত তেওঁ উল্লেখ কৰে যে বিদায়ী বৰ্ষত বাণিজ্য এক ব্যতিক্ৰমী উচ্চ হাৰত বৃদ্ধি পাইছে আৰু বিভিন্ন ক্ষেত্ৰত যুটীয়া প্ৰকল্পসমূহ সফলতাৰে ৰূপায়ণ কৰা হৈছে ।
তেওঁ লগতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলা আৰু আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত নিৰাপত্তা আৰু স্থিৰতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে দুয়োখন দেশৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভ্লাদিমিৰ পুটিনে ছাংহাই সহযোগিতা সংস্থা আৰু জি-২০ৰ ভাৰতৰ সভাপতিত্বৰ ফলাফলৰ প্ৰশংসা কৰে আৰু মস্কো আৰু নতুন দিল্লীয়ে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক বিকশিত কৰি থাকিব আৰু আঞ্চলিক আৰু গোলকীয় পৰ্যায়ত নিৰাপত্তা আৰু স্থিৰতা শক্তিশালী কৰাৰ প্ৰচেষ্টাক কাৰ্যকৰীভাৱে সমন্বয় কৰি থাকিব বুলি তেওঁৰ দৃঢ় বিশ্বাসী ।