অসম

assam

By

Published : Nov 28, 2022, 6:50 PM IST

ETV Bharat / bharat

Vizhinjam police station attack: আৰক্ষী থানা ভাঙি চূৰমাৰ কৰাৰ অভিযোগত 3000 লোকৰ বিৰুদ্ধে গোচৰ

কেৰালাৰ ৱিজহিনজাম অঞ্চলত আদানি বিমানবন্দৰ প্ৰকল্পৰ (Adani port project in Kerala)বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সময়তে ৱিজহিনজাম আৰক্ষী থানা ভাঙি চুৰমাৰ কৰে প্ৰতিবাদকাৰীয়ে (Violent clashes during ongoing protest) ৷

Vizhinjam police station attack: Cases against 3,000 persons
Vizhinjam police station attack: আৰক্ষী থানা ভাঙি চুৰমাৰ কৰাৰ অপৰাধত 3000 লোকৰ বিৰুদ্ধে গোচৰ

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: কেৰালাত প্ৰতিবাদৰ মাজতে হিংসাত্মৰ কাৰ্যকলাপ ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে ( Vizhinjam police station attack)৷ দেওবাৰে নিশা কেৰালাৰ ৱিজহিনজাম অঞ্চলত আদানি বিমানবন্দৰ প্ৰকল্পৰ (Adani port project in Kerala)বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সময়তে ৱিজহিনজাম আৰক্ষী থানা ভাঙি চুৰমাৰ কৰে প্ৰতিবাদকাৰীয়ে (Violent clashes during ongoing protest)৷

কেৱল আৰক্ষী থানা আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰে ৷ ইতিমধ্যে এই হিংসাত্মক আক্ৰমণত প্ৰায় ৩৬ জন আৰক্ষী কৰ্মী আহত হোৱাৰ খবৰ পোৱা গৈছে ৷

প্ৰকৃততে ঘটনা সন্দৰ্ভত জানিব পৰামতে আদানি বিমানবন্দৰক লৈ কেইবাদিন ধৰি লেটিন গীৰ্জা কৰ্তৃপক্ষই আন্দোলন অব্যাহত ৰাখিছিল ৷ এই আন্দোলনৰ মাজতে আৰক্ষীয়ে 5 গৰাকী স্থানীয় লোকক আটক কৰিছিল ৷ এই কথা পোহৰলৈ অহাৰ পিছতে ৱিজহিনজাম অঞ্চলত অশান্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কোনো কাৰণ নোহোৱাকৈ 5 জন লোকক আটক কৰা ঘটনাই স্থানীয় লোকসকলক ক্ষোভিত কৰি তুলিছিল ৷

যাৰ ফলত স্থানীয় লোকসকলে দেওবাৰে নিশা একত্ৰিত হৈ আৰক্ষী থানাখন ঘেৰাও কৰি 5 জন লোকক মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে ৷ কিন্তু আৰক্ষীয়ে স্থানীয় লোকৰ দাবী মানিবলৈ মান্তি নোহোৱাত প্ৰতিবাদকাৰী লোকসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে ৷

আৰক্ষীয়ে পৰস্থিতি বিষম হোৱা দেখি প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ কৰিবলৈ লাঠী চাৰ্জ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছিল ৷ ঘটনাৰ খবৰ পাই ততালিকে সেই স্থানত 600 অত্যাধিক আৰক্ষী মোতায়েন কৰা হৈছিল যদিও প্ৰতিবাদীকাৰীসকলক ৰোধিব পৰা নাছিল ৷

আৰক্ষী থানা ভাঙি চূৰমাৰ কৰাৰ অভিযোগত 3000 লোকৰ বিৰুদ্ধে গোচৰ

উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষী থানা ভাঙি চুৰমাৰ কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰে ৷ এই আক্ৰমণত এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভৰিত ফ্ৰেকছাৰ হোৱা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ গালৈ ইটা দলিয়াইছিল প্ৰতিবাদকাৰীয়ে ৷

আনকি এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীসকলে ৷ স্থানীয় সংবাদমাধ্যমৰ কেমেৰাপাৰ্ছন শ্বেৰিফ এম জনক প্ৰতিবাদকাৰীসকলে আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত তেওঁৰ কেমেৰাও ক্ষতিগ্ৰস্ত হৈছিল, কাঢ়ি লোৱা হৈছিল তেওঁৰ ফোনটোও ৷ ইতিমধ্যে তেওঁক তিৰুৱন্তপুৰম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

ইফালে স্থানীয় আৰক্ষীয়ে এই হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা অভিযোগত প্ৰায় 3,000 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Cases against 3000 persons)৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আহত আৰক্ষীকেইজনক হাস্পতালত ভৰ্তি কৰা হৈছে ৷

লগতে পঢ়ক:Delhi Municipal Corporation Election: নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details