নিউজ ডেস্ক, 12 জুন: যদি আপুনি সস্তাতে ভাল ডিজাইন আৰু শক্তিশালী কেমেৰাৰ ফোন এটা কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ । ভাৰতত বিগত বছৰ মুকলি হোৱাVivo Y35 স্মাৰ্টফোনৰ মূল্য হ্ৰাস কৰিলে Vivoয়ে ।
এই মিড ৰেঞ্জ স্মাৰ্টফোনটোৰ ডিজাইন চিকচিকিয়া আৰু ইয়াত কোৱালকম প্ৰচেছৰো অন্তৰ্ভুক্ত আছে । Vivo Y35ত আছে 50MP প্ৰাইমেৰী কেমেৰা । স্মাৰ্টফোনটোত 44W ফাষ্ট চাৰ্জিঙৰো সুবিধা আছে । স্মাৰ্টফোনৰ বিষয়ে অধিক বিশদভাৱে জানো আহক-
Vivo Y35ৰ নতুন মূল্য আৰু অফাৰ
ভিভ’ই ভাৰতত ১৭,৯৯৯ টকাত মুকলি কৰিলে Vivo Y35, এতিয়া এই স্মাৰ্টফোনৰ মূল্য ৫০০ টকা কৰ্তন কৰা হৈছে । গ্ৰাহকে এতিয়া ১৬,৪৯৯ টকাত Vivo Y35 ক্ৰয় কৰিব পাৰিব । স্মাৰ্টফোনটো এগেট ব্লেক আৰু ডন গোল্ড ৰঙৰ বিকল্পত ক্ৰয় কৰিব পাৰিব ।
ইয়াৰ লগতে স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে ভিভ’ ৱাই৩৫ ক্ৰয় কৰিলে ১০০০ টকাৰ কেছবেক অফাৰো আগবঢ়াইছে । গ্ৰাহকে আইচিআইচিআই, এছবিআই, য়েছ বেংক, ফেডাৰেল বেংক, এ ইউ স্মল ফাইনেন্স আৰু আইডিএফচি ফাৰ্ষ্ট বেংক ব্যৱহাৰ কৰিও ১০০০ টকা পৰ্যন্ত অতিৰিক্ত কেছবেক লাভ কৰিব পাৰিব । গ্ৰাহকে স্মাৰ্টফোনৰ লগতে ভি-শ্বিল্ড প্ৰটেকচন প্লেনৰ দৰে অন্যান্য সুবিধাও লাভ কৰিব পাৰিব ।