অসম

assam

ETV Bharat / bharat

Vivo smartphone: শক্তিশালী বৈশিষ্ট্যৰ সৈতে মুকলি হ'ল নতুন Vivo X90-Vivo X90 Pro - Vivo X90

গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Vivo X90 আৰু Vivo X90 Pro স্মাৰ্টফোন । Vivo X80 মডেলৰ তুলনাত এই নতুন ফ্লেগশ্বিপ ছিৰিজত আপুনি বহুতো আপগ্ৰেড দেখিবলৈ পাব । Vivo X90 আৰু Vivo X90 Proৰ দামৰ পৰা আৰম্ভ কৰি বৈশিষ্ট্যলৈকে বিতংভাৱে জানো আহক...

Vivo X90 and Vivo X90 Pro entered with powerful features
শক্তিশালী বৈশিষ্ট্যৰ সৈতে মুকলি হ'ল নতুন Vivo X90-Vivo X90 Pro

By

Published : Nov 23, 2022, 1:57 PM IST

নিউজ ডেস্ক, 23 নৱেম্বৰ:গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Vivo X90 আৰু Vivo X90 Pro স্মাৰ্টফোন । Vivo X80 মডেলৰ তুলনাত এই নতুন ফ্লেগশ্বিপ ছিৰিজত আপুনি বহুতো আপগ্ৰেড দেখিবলৈ পাব । এই শেহতীয়া স্মাৰ্টফোনসমূহত পোৱা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহৰ বিষয়ে ক’বলৈ গ’লে, ইমেজ প্ৰচেছিঙৰ বাবে কোম্পানীটোৰ V2 চিপৰ সৈতে জেইছ ব্ৰেণ্ডেড কেমেৰা চেন্সৰ দিয়া হৈছে(Vivo X90 and Vivo X90 Pro) । এতিয়া Vivo X90 আৰু Vivo X90 Proৰ দামৰ পৰা আৰম্ভ কৰি বৈশিষ্ট্যলৈকে বিতংভাৱে জানো আহক...

Vivo X90 স্পেচিফিকেশন

Display: ফোনটোত 6.7 ইঞ্চি AMOLED (1,260x 2,800 পিক্সেল) ডিছপ্লে আছে যিয়ে 20:09 এস্পেক্ট ৰেচিঅ’ আৰু 120Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেট প্ৰদান কৰে(Vivo X90 Specifications) ।

Processor: স্পীড আৰু মাল্টিটাস্কিঙৰ বাবে ফোনটোত ব্যৱহাৰ কৰা হৈছে মিডিয়াটেক ডাইমেনচিটি ৯২০০ অক্টা-কোৰ চিপছেট(Vivo X90 Specifications) ।

Camera setup:ফোনটোৰ পিছফালৰ পেনেলত ট্ৰিপল ৰেয়াৰ কেমেৰা ছেটআপ দিয়া হৈছে, ৫০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰাৰ লগতে ১২ মেগাপিক্সেলৰ প’ৰ্ট্ৰেইট কেমেৰা আৰু ১২ মেগাপিক্সেলৰ আল্ট্ৰা-ৱাইড এংগল কেমেৰা চেন্সৰ । চেলফিৰ বাবে ৩২ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা চেন্সৰ দিয়া হৈছে ।

Battery: ফোনটোলৈ জীৱন কঢ়িয়াই অনা তথা ১২০W ফাষ্ট চাৰ্জ সমৰ্থনৰ সৈতে ৪৮১০ mAh বেটাৰী দিয়া হৈছে । এই ফোনটোৱে এবাৰৰ চাৰ্জিঙত ২২.২ দিনলৈকে ষ্টেণ্ডবাই সময় দিয়ে ।

Vivo X90 Pro স্পেচিফিকেশন

Display: এই ফোনত আপুনি Vivo X90ৰ দৰে একে ডিছপ্লে স্পেচিফিকেশন চাব পাৰিব(Vivo smartphone Display Specifications) ।

Processor:এই ডিভাইচত গতি আৰু মাল্টিটাস্কিঙৰ বাবে MediaTek Dimension 9200 চিপছেট ব্যৱহাৰ কৰা হৈছে(Vivo X90 Pro Specifications)।

Camera setup: ফোনটোৰ পিছফালে ৫০ মেগাপিক্সেলৰ জেইছ ১ ইঞ্চিৰ প্ৰাইমেৰী কেমেৰাৰ লগতে ৫০ মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা আৰু ১২ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা চেন্সৰ আছে। চেলফিৰ বাবে ফোনটোৰ সন্মুখত উপলব্ধ হ’ব ৩২ মেগাপিক্সেলৰ কেমেৰা চেঞ্চৰ ।

Battery: 4870mAh বেটাৰীয়ে ফোনটোক শক্তি প্ৰদান কৰে যিয়ে 120W ফাষ্ট চাৰ্জ আৰু 50W বেতাঁৰ চাৰ্জ সমৰ্থন কৰে । দাবী কৰা হৈছে যে ফাষ্ট চাৰ্জিং সমৰ্থনৰ সহায়ত মাত্ৰ ৮ মিনিটতে ফোনটোৰ বেটাৰী শূন্যৰ পৰা ৫০ শতাংশলৈ চাৰ্জ হয় ।

Vivo X90ৰ মূল্য

এই Vivoৰ এই স্মাৰ্টফোনত ৮ জিবি ৰেম/১২৮ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ(Vivo X90 Price in India) মূল্য ৩৬৯৯ চাইনিজ ইউয়ান (প্ৰায় ৪২ হাজাৰ), ৮ জিবি ৰেম / ২৫৬ জিবি ভেৰিয়েণ্টৰ মূল্য ৩৯৯৯ চাইনিজ ইউয়ান (প্ৰায় ৪৫ হাজাৰ), ২৫৬ জিবি ভেৰিয়েণ্টৰ সৈতে ১২ জিবি ৰেম ৪৪৯৯ চাইনিজ ইউয়ান (প্ৰায় ৫১ হাজাৰ) আৰু ১২ জিবি ৰেম / ৫১২ জিবি ষ্ট’ৰেজৰ সৈতে শীৰ্ষ ভেৰিয়েণ্টৰ মূল্য ৪৯৯৯ চাইনিজ ইউয়ান (প্ৰায় ৫৭ হাজাৰ টকা)।

Vivo X90 Pro মূল্য

এই ভিভ’ স্মাৰ্টফোনটোৰ ৮ জিবি ৰেম / ২৫৬ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ৪৯৯৯ চাইনিজ ইউয়ান (প্ৰায় ৫৭ হাজাৰ), ১২ জিবি ৰেম / ২৫৬ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ৫৪৯৯ চাইনিজ ইউয়ান (প্ৰায় ৬২ হাজাৰ) আৰু একেটা ১২ জিবি ৰেম / ৫১২ জিবি ভেৰিয়েন্ট(Vivo X90 Pro Price in India) । ইয়াৰ মূল্য ৫৯৯৯ চাইনিজ ইউয়ান (প্ৰায় ৬৮ হাজাৰ)।

লগতে পঢ়ক:ৱেব ব্ৰাউজাৰত Amazon Prime Video কেনেদৰে আৰম্ভ কৰিব পাৰি ষ্টেপ-বাই-ষ্টেপ জানি লওক

ABOUT THE AUTHOR

...view details