অসম

assam

Back Pain: এইবিধ ভিটামিনৰ অভাৱত যুৱক-যুৱতীৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে কঁকালৰ বিষৰ সমস্যা

By

Published : May 3, 2023, 7:05 PM IST

ভাৰতৰ প্ৰতি ৫ম ব্যক্তিয়ে দীৰ্ঘদিনীয়া কঁকালৰ বিষত ভোগে । বিশেষজ্ঞসকলৰ মতে, যুৱক-যুৱতীসকলৰ মাজত এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ।

vitamin d deficiency leads to back pain follow this special diet for strong bones
এইবিধ ভিটামিনৰ অভাৱত যুৱক-যুৱতীৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে কঁকালৰ বিষৰ সমস্যা

আজিৰ যুগতো বহু যুৱকে দীৰ্ঘদিনীয়া কঁকালৰ বিষৰ গুৰুতৰ সমস্যাৰ সৈতে যুঁজি আহিছে । পৰিস্থিতি এনেকুৱা যে ভাৰতৰ প্ৰতি ৫ম গৰাকী ব্যক্তি ইয়াৰ কবলত । বিশেষজ্ঞসকলৰ মতে, যুৱক-যুৱতীসকলৰ মাজত এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । শেহতীয়া এক গৱেষণাৰ মতে যোৱা কেইবছৰমানৰ পৰা কঁকালৰ বিষ সামাজিক স্বাস্থ্যৰ এক ডাঙৰ সমস্যা হিচাপে আত্মপ্ৰকাশ কৰিছে । যেতিয়া কঁকালৰ বিষ ৩ মাহতকৈ অধিক সময় থাকে, তেতিয়া ই ক্ৰনিকৰ শ্ৰেণীত আহে (Weak Bones)।

বিশেষজ্ঞসকলেও এই কথাত একমত যে এতিয়া কঁকালৰ বিষ সকলোৰে বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে । ইয়াৰ দ্বাৰা এই সমস্যাত জৰ্জৰিত ৰোগীসকল দ্ৰুতগতিত সংকটজনক অৱস্থাৰ দিশে যাবলৈ লৈছে । ই তেওঁলোকৰ সাধাৰণ আৰু পেছাদাৰী দুয়োটা জীৱনতে প্ৰভাৱ পেলায় । চিন্তনীয় বিষয়টো হ’ল যে, অধিকাংশ যুৱকে দিনক দিনে এই ৰোগত আক্ৰান্ত হ'বলৈ ধৰিছে (Cause of back pain in young age)। এতিয়া ৩০ বা ৪০ বছৰ বয়সৰ মানুহো এই সমস্যাই আগুৰি ধৰিছে । কিন্তু সময়মতে চিকিৎসা আৰু ব্যায়াম কাৰ্যকৰী কৰিলে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায় (Vitamin D Deficiency)।

ভিটামিন ডিৰ অভাৱৰ সমস্যা

আধুনিক জীৱনশৈলীত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ নকৰে, যাৰ ফলত কঁকালৰ বিষৰ দৰে সমস্যাই দেখা দিয়ে । এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সময়মতে পৰীক্ষা আৰু চিকিৎসা কৰাটো অতিকৈ প্ৰয়োজনীয় । ইয়াৰ লগতে জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটোও গুৰুত্বপূৰ্ণ, যেনে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱাটো নিশ্চিত কৰা, নিয়মিতভাৱে ব্যায়াম কৰা, মানসিক চাপ কমোৱাৰ বাবে ধ্যান-ধাৰণাৰ অভ্যাস কৰা (Back Pain In Young Age)।

  • কাঠফুলা
  • মাছ (সতেজ বা শুকান)
  • কণী
  • গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, যেনে দৈ আৰু পনীৰ
  • খাব পৰা তেল (বাদাম তেল, আখৰোটৰ তেল আৰু তিল তেল)

যদি আপোনাৰ ভিটামিন ডিৰ অভাৱ হয় তেন্তে এইবোৰ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি তাৰ ক্ষতিপূৰণ দিব পাৰে ৷ কিন্তু যদি আপুনি এই ভিটামিনৰ অভাৱত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী (Back Pain)।

লগতে পঢ়ক:Papaya For Constipation: কোষ্ঠকাঠিন্যই সমস্যাৰ সৃষ্টি কৰিছে নেকি ? অমিতাৰ এই অংশই দিব সকাহ

ABOUT THE AUTHOR

...view details