অসম

assam

Vitamin deficiency: ভাগৰ, ক্লান্তিয়ে আপোনাক আমনি কৰিছে নেকি ? হ'ব পাৰে এইবিধ পুষ্টিকৰ উপাদানৰ অভাৱ

By

Published : Apr 10, 2023, 9:42 PM IST

ভিটামিন আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান, যদি ইয়াৰ অভাৱ হয় তেন্তে শৰীৰ দুৰ্বল হৈ পৰে আৰু আন বহু ধৰণৰ ক্ষতি হ’ব পাৰে ।

Vitamin and Mineral Deficiency Diseases
ভাগৰ, ক্লান্তিয়ে আপোনাক আমনি কৰিছে নেকি? হ'ব পাৰে এইবিধ পুষ্টিকৰ উপাদানৰ অভাৱ

আমাৰ শৰীৰত দৈনিক বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যিবোৰ সাধাৰণতে খাদ্যৰ যোগেদি পোৱা যায় (Vitamins)। যদি শৰীৰত এটাও পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে শৰীৰ দুৰ্বল হৈ পৰে আৰু প্ৰায়ে ভাগৰুৱা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । ভাৰতৰ বহু লোকে ভিটামিনৰ অভাৱৰ সন্মুখীন হৈছে । সেইবাবেই আমিও সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত (Vitamin Deficiency )।

ভিটামিনৰ অভাৱৰ অসুবিধা

ভিটামিন- A,B,C,D আৰু K । প্ৰতিটো পুষ্টিকৰ উপাদানৰ নিজস্ব গুৰুত্ব থাকে আৰু ই শৰীৰৰ উপকাৰ সাধন কৰে (Importance Of Vitamins)। ইহঁতৰ অভাৱৰ বাবে শৰীৰ দুৰ্বল হৈ পৰে, হাড়বোৰতো ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ, পেশীবোৰতো বিষ আৰম্ভ হয় । ছাল শুকান আৰু ঢিলা হোৱাৰ লগতে মূৰৰ চুলিও দুৰ্বল হৈ পৰে (Deficiency Disease)।

কোনবোৰ লোকক অধিক ভিটামিনৰ প্ৰয়োজন ?

যদিও যিকোনো ব্যক্তিয়ে ভিটামিনৰ অভাৱৰ বলি হ’ব পাৰে, কিন্তু বৃদ্ধ আৰু গৰ্ভৱতী মহিলাৰ ইয়াৰ প্ৰৱণতা বেছি । অসুস্থতাৰ সময়ত কিছুমান ঔষধ খালে পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে । ইয়াৰ বাহিৰেও যদি যুৱক-যুৱতীসকলে স্বাস্থ্যসন্মত খাদ্যৰ পৰিৱৰ্তে কিবা ভুল খাদ্য খাবলৈ আৰম্ভ কৰে, তেন্তে তেওঁলোকৰ ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদানৰো অভাৱ হ’ব পাৰে ।

মাল্টিভিটামিন খাওক

যদি আপোনাৰ শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে ইয়াক আঁতৰাবলৈ মাল্টিভিটামিন চাপ্লিমেন্ট গ্ৰহণ কৰিব পাৰি । এইখিনি খালে কেৱল ভিটামিনৰ অভাৱ দূৰ হোৱাই নহয়, শৰীৰত ক্ৰ’মিয়াম, জিংক, চেলেনিয়াম, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থও পোৱা যায় (Multivitamins) ।

মাল্টিভিটামিন খোৱাৰ উপকাৰীতা

মাল্টিভিটামিন খালে শৰীৰে প্ৰচণ্ড শক্তি লাভ কৰে, ইয়াৰ শৰীৰ আৰু স্নায়ুতন্ত্ৰৰ উন্নতি হ’ব আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে । মহামাৰীৰ সময়তো আপুনি সুৰক্ষিত । যদি ভৰি, শৰীৰ, বাহুত বিষ হয়, তেন্তে মাল্টিভিটামিন আপোনাৰ বাবে মহৌষধ হিচাপে প্ৰমাণিত হ’ব পাৰে (Deficiency Disease) ।

লগতে পঢ়ক:Mobile In Toilet: আপুনি শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰে নেকি ? সাৱধান! হ'ব পাৰে এইসমূহ ৰোগ

ABOUT THE AUTHOR

...view details