নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :অৰুণাচল প্ৰদেশৰ খেলুৱৈক চীনে ভিছা প্ৰদান নকৰাক লৈ বিতৰ্ক অব্যাহত আছে । কূটনৈতিক পৰ্যায়ত এই বিষয়টোৱে বিশেষ প্ৰতিক্ৰিয়া লাভ কৰিছে । ইয়াৰ মাজতে চীনৰ গুৰুত্বপূৰ্ণ আহ্বান । দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আহ্বান চীনৰ ।
উল্লেখ্য যে এছিয়ান গেমছৰ বাবে অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ভাৰতীয় ৱচু খেলুৱৈক ভিছা প্ৰত্যাখ্যান কৰাৰ চীনৰ সিদ্ধান্তক বিভিন্ন পক্ষই সমালোচনা কৰা দেখা গৈছে । তাৰ মাজতে চীনৰ দূত ঝা লিয়ুৱে দেওবাৰে এক উন্নত আৰু সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ আহ্বান জনাইছে । কলকাতাত চীনা কূটনীতিবিদগৰাকীয়ে কয় যে, বৰ্তমান দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুস্থিৰ আৰু দুয়োখন দেশৰ নেতাসকলে আলোচনাৰ লগতে যোগাযোগ বজাই ৰাখিছে ।
তেওঁৰ মতে দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিবলৈ চীনা নেতাসকল প্ৰতিশ্ৰুতিবদ্ধ । বিভিন্ন অসুবিধা দূৰ কৰিবলৈ আৰু এক সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্ক বিকাশত সহায় কৰিবলৈ ভাৰতৰ সৈতে কাম কৰিবলৈও ইচ্ছুক চীন । চীন গণৰাজ্যৰ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত এক অনুষ্ঠানত লিয়ুৱে এই মন্তব্য কৰে ।