নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: জীৱশ্ৰেষ্ঠ মানুহৰ চৰম বিড়ম্বনা ৷ মানুহৰূপী সাজ পিন্ধি উদঙাই দিলে দানৱৰ স্বৰূপ ৷ একবিংশ শতিকাৰ আধুনিক যুগতো একাংশ লোকৰ সলনি হোৱা নাই আওপুৰণি চিন্তাধাৰা ৷ উন্নয়নৰ শিখৰত দেশ যিমানেই আগবাঢ়িছে সিমানেই একাংশ লোকৰ মানসিকতা সংকীৰ্ণ হৈ অহা পৰিলক্ষিত হৈছে ৷
এগৰাকী নাৰীৰ সন্মানক কেনেদৰে ভৰিৰে মোহাৰি পেলাব পাৰে এইচাম লোকে ! সামাজিক কু-প্ৰথাৰ বাবেই এসময়ত নিজৰ সতীত্বৰ প্ৰমাণ দিবলৈ সীতাই অগ্নিপৰীক্ষা দিব লগা হৈছিল ৷ দেশৰ কিছু প্ৰান্তত এতিয়াও বিবাহৰ পিছত কুমাৰীত্ব পৰীক্ষাৰ কু-প্ৰথা প্ৰচলিত হৈ আছে ৷ এতিয়াও এনে কিছু অঞ্চল আছে য’ত বিয়াৰ পূৰ্বে এগৰাকী নাৰীয়ে নিজৰ কুমাৰীত্বৰ প্ৰমাণ দিব লাগে ৷ এইবাৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভিলাৱাৰাৰ (Bhilwada in Rajasthan) খাপ অঞ্চলত ৷ এই ঘটনা শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷ বিবাহৰ পাঁচ মাহৰ পিছতো এগৰাকী মহিলাৰ কুমাৰীত্ব পৰীক্ষা কৰোৱালে নিজ স্বামী আৰু শহুৰেকে (Virginity test of bride)৷
ঘটনা অনুসৰি সুভাষ নগৰৰ এগৰাকী মহিলাই যোৱা 5 মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তাৰ পিছতেই স্বামীৰ পৰিয়ালে তেওঁক কুমাৰীত্ব পৰীক্ষা কৰিবলৈ জোৰ জবৰদস্তি কৰিছিল ৷ মহিলাগৰাকীয়ে এই কথাত মান্তি নোহোৱাত মহিলাগৰাকীক মানসিকভাৱে অশান্তি কৰিছিল স্বামীয়ে ৷