অসম

assam

ETV Bharat / bharat

Players expressed grief over Odisha train accident : ৰে'ল দুৰ্ঘটনাক লৈ তাৰকা খেলুৱৈৰ শোক প্ৰকাশ - Gautam Gambhir on train accident

ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ বাবে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে (Odisha train accident)। ক্ৰীড়া জগতকো এই দুৰ্ঘটনাই হতবাক কৰি তুলিছে । ভাৰতীয় খেলুৱৈসকলে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ।

Players expressed grief over Odisha train accident
ৰে'ল দুৰ্ঘটনাক লৈ তাৰকা খেলুৱৈৰ শোক প্ৰকাশ

By

Published : Jun 4, 2023, 12:07 PM IST

নেশ্যনেল ডেস্ক,৪ জুন :ওড়িশাৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাক লৈ শোকস্তব্ধ দেশবাসী (Balasore train accident)। মৰ্মাহত সকলো । দেশৰ ৰাষ্ট্ৰপতিয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । সমান্তৰাল কৈ দেশৰ বিভিন্ন নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদ সকলোৱে ঘটনাক লৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে ।

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা আৰু অভিনৱ বিন্দ্ৰা, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু আন কেইবাজনো খেলুৱৈয়ে ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে । খেলুৱৈসকলে এই দুৰ্ঘটনাত নিহতসকলৰ আত্ম সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে । সমান্তৰালকৈ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ।

বিৰাট কোহলীয়ে বালাছোৰ ৰে'ল দুৰ্ঘটনা সম্পৰ্কে এটা টুইটাৰ পোষ্ট শ্বেয়াৰ কৰিছে (Virat Kohli tweet over Balasore train accident)। কোহলীয়ে লিখিছে "ওড়িশাত সংঘটিত শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ বিষয়ে শুনি দুখ পাইছো । মোৰ সমবেদনা আৰু প্ৰাৰ্থনা সেই পৰিয়ালবোৰৰ প্ৰতি যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।" অলিম্পিকত পদক বিজয়ী নীৰজ চোপ্ৰাই টুইট কৰি লিখিছে, "ওড়িশাৰ ভয়ংকৰ দুৰ্ঘটনাৰ বাতৰি পঢ়ি মৰ্মাহত হৈছো । ভুক্তভোগীসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো ।"

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰেও টুইটযোগে দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে (Gautam Gambhir on train accident)। উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত স্বেচ্ছাসেৱকসকলে দেখুওৱা সমৰ্পণক গৌতম গম্ভীৰে প্ৰশংসা কৰে । আহতসকলৰ আশু আৰোগ্যৰ বাবেও গম্ভীৰে প্ৰাৰ্থনা কৰে ।

প্ৰাক্তন খেলুৱৈ তথা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি টুইট কৰে । প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানেও সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে । ৰে'ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি তেওঁ সমবেদনা জ্ঞাপন কৰে । ইয়াৰ উপৰিও, ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰে টুইটযোগে দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।

প্ৰাক্তন ক্ৰিকেটাৰ ভেঙ্কটেশ প্ৰসাদে টুইটযোগে ভুক্তভোগীসকলৰ পৰিয়াললৈ এক শোক বাৰ্তা প্ৰেৰণ কৰে । আনহাতে যাত্ৰীসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিব লাগে বুলি উদ্বেগ প্ৰকাশ কৰে । প্ৰাক্তন ক্ৰিকেটাৰ ভিভিএছ লক্ষ্মণেও ওড়িশা ৰে'ল দুৰ্ঘটনাক দুৰ্ভাগ্যজনক বুলি বৰ্ণনা কৰিছে ।

লগতে পঢ়ক :Triple train crash in Odisha : আহত যাত্ৰীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ

ABOUT THE AUTHOR

...view details