অসম

assam

ETV Bharat / bharat

Violence at Ramnavami: হাওৰাত ৰাম নৱমীৰ সমদলত দুৰ্বৃত্তৰ আক্ৰমণ - Violence at Ramnavami

বৃহস্পতিবাৰে সমগ্ৰ দেশত পালন কৰা ৰাম নৱমী ৷ কিন্তু এই ৰাম নৱমী উদযাপনৰ সময়ত দেশৰ কেইবাটাও স্থানত সংঘটিত হৈছে হিংসাত্মক ঘটনা ৷ পশ্চিম বংগৰ হাওৰাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত অংশগ্ৰহণকাৰীৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ (Ramnavami celebration in India) ৷

Violence at Ramnavami
হাওৰাত ৰামনৱমীৰ সমদলত দুৰ্বৃত্তৰ আক্ৰমণ

By

Published : Mar 30, 2023, 9:57 PM IST

নিউজ ডেস্ক, 30 মাৰ্চ:যোৱা বছৰৰ ৰাম নৱমীত সংঘটিত হিংসাত্মক ঘটনাৰ এইবাৰো প্ৰায় পুনৰাবৃত্তি হয় পশ্চিম বংগত । বৃহস্পতিবাৰে সন্ধিয়া হাওৰাৰ সন্ধ্যাবজাৰৰ সমীপত অঞ্জনী পুত্ৰ সেনাৰ ৰাম নৱমী শোভাযাত্ৰাত পুনৰ বোমা বিস্ফোৰণ ঘটে । ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে, শোভাযাত্ৰা সন্ধ্যাবজাৰ পোৱাৰ লগে লগে অংশগ্ৰহণকাৰীৰ ওপৰত কাঁচৰ বটল নিক্ষেপ কৰা হয় (Violence at Ramnavami procession)।

সূত্ৰ অনুসৰি এই ঘটনাত প্ৰায় 15 জন অংশগ্ৰহণকাৰী আহত হয় । সমগ্ৰ অঞ্চলটো এই ঘটনাক কেন্দ্ৰ কৰি যুদ্ধক্ষেত্ৰলৈ পৰিণত হয় । অঞ্জনী পুত্ৰ সেনাৰ অংশগ্ৰহণকাৰীসকলে বিভিন্ন স্থানত জুই জ্বলাই প্ৰতিবাদ আৰম্ভ কৰে । এই পদযাত্ৰাৰ আয়োজকসকলেও অভিযোগ উত্থাপন কৰে যে, আৰক্ষীয়ে তেওঁলোকক লাঠি লৈ খেদি পঠিয়াই আৰু কন্দুৱা গেছ নিক্ষেপ কৰে । শান্তিপূৰ্ণ শোভাযাত্ৰাত আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে (Ramnavami procession in Howrah)।

যোৱা বছৰৰ দৰে এইবাৰো হাওৰাৰ শিৱপুৰত ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত সমগ্ৰ অঞ্চলটোতে হিংসাত্মক ঘটনা সংঘটিত হয় । দুৰ্বৃত্তৰ আক্ৰমণত বহু লোকৰ মূৰ ফাটি যায়, আন বহুতো গুৰুতৰভাৱে আহত হয় ৷ তাৰোপৰি গোটেই ৰাম নৱমী শোভাযাত্ৰাটো বিভাজিত হয় । অঞ্জনী পুত্ৰ সেনাৰ প্ৰতিষ্ঠাপক সম্পাদক সুৰেন্দ্ৰ বাবাই অভিযোগ কৰে যে, প্ৰশাসনৰ সুবিধাৰ্থে অঞ্জনী পুত্ৰ সেনা, বিশ্ব হিন্দু পৰিষদ আৰু 42 টা সংগঠনে একেলগে এই কামটো উলিয়াই আনিলে বৃহস্পতিবাৰে শোভাযাত্ৰা (Ramnavami celebration in India)।

শান্তিপূৰ্ণ শোভাযাত্ৰাৰ অনুমতি দিবলৈ আৰক্ষী প্ৰশাসনক আগতীয়াকৈ অৱগত কৰা হয় । কিন্তু বিগত বছৰৰ দৰে এই শোভাযাত্ৰা সন্ধ্যাবজাৰ অঞ্চলত প্ৰৱেশ কৰাৰ পিচতহে আক্ৰমণ চলাইছিল । তেওঁ আৰক্ষী প্ৰশাসনক সকীয়াই দিয়ে যে, যদি তৎকালীনভাৱে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰমজান আৰু ঈদৰ সময়ত উলিওৱা শোভাযাত্ৰাও বন্ধ কৰা হ’ব (Violence at Ramnavami) ।

লগতে পঢ়ক:Stone Pelting on Ram Navami Shobha Yatra: বডোদৰাৰ ৰামনৱমী শোভাযাত্ৰাত শিল নিক্ষেপ

এজন কৰ্মীয়ে কয়, ‘‘আৰক্ষী আৰু প্ৰশাসনে আমাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰে । যদি হিন্দুসকলে শান্তিপূৰ্ণভাৱে সমদল উলিয়াইছিল তেন্তে আক্ৰমণকাৰীৰ সমস্যা কি আছিল ?" কৰ্মীজনে প্ৰশ্ন কৰে । লক্ষ্যনীয় যে, যোৱা বছৰো অঞ্জনী পুত্ৰ সেনা আৰু বিশ্ব হিন্দু পৰিষদৰ শোভাযাত্ৰাৰ সময়ত ঠিক এই সন্ধ্যাবজাৰত ইটা-কাঁচৰ বটল নিক্ষেপ কৰা হৈছিল ৷ ৰাজনৈতিক মহলে ভাবে যে এই কাণ্ডই ৰাজ্যৰ ৰাজনীতিক অধিক কলুষিত কৰি তুলিব ।

ABOUT THE AUTHOR

...view details