আগৰতলা,২৯ এপ্ৰিল :ত্ৰিপুৰাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কেইবাটাও পদক্ষেপ লোৱা দেখা গৈছে । এইবাৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ (TTAADC) উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । TTAADC অঞ্চলৰ প্ৰতিখন গাঁৱকে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে কাম কৰি আছে (Villages under TTAADC will be connected with NH)। ত্ৰিপুৰাৰ দশদা কাঞ্চনপুৰৰ এক সভাত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা ঘোষণা কৰে ।
অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয় যে এয়া এক ঐতিহাসিক পদক্ষেপ । তেওঁৰ মতে এখন স্বাৱলম্বী ত্ৰিপুৰা গঢ়ি তুলিবলৈ দশদা কাঞ্চনপুৰৰো সামগ্ৰিক বিকাশ কৰিব লাগিব । উল্লেখ্য যে, দাশদা কাঞ্চনপুৰ হৈছে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ এখন গাঁও আৰু মহকুমা, যিটো অঞ্চল মিজোৰাম আৰু অসমৰ আন্তঃৰাজ্যিক সীমান্তত অৱস্থিত । মুখ্যমন্ত্ৰী দেৱে কাঞ্চনপুৰ মহকুমাৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে (Tripura CM visit Kanchanpur)।
তেওঁ লগতে কয় য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াল লৈ খোৱাপানী যোগান ধৰিবলৈ জলজীৱন মিছন আৰম্ভ কৰিছে (Govt starts Jal Jeevan Mission)। ৰাজ্যখনত এই আঁচনিখনে এতিয়ালৈকে ৫০ শতাংশত কৈও অধিক পৰিয়ালক খোৱাপানীৰ সংযোগৰ সৈতে সংযুক্ত কৰিছে (Jal Jeevan Mission scheme in Tripura) বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ।