ভাৰতবৰ্ষৰ যি সমূহ গাঁৱত ৬৫ শতাংশ লোকে বসবাস কৰে, সেই গাঁও সমূহত এতিয়া ক'ভিড ১৯ ৰ এক বিপদ সংকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ যোৱা বছৰ যেতিয়া ক'ভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হৈছিল, তাৰ প্ৰায় পাঁচ মাহ পাছতহে গাঁও সমূহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখিবলৈ পোৱা গৈছিল ।
কিন্তু চলিত বৰ্ষৰ দেশৰ প্ৰায় ৪৯০ খন জিলাত ক'ভিডৰ সংক্রমণ দেখা গৈছে য'ত, দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় দহ শতাংশতকৈ অধিকাংশই এই ৰোগত আক্ৰান্ত হৈছে ৷ আমি যদি মাৰ্চ মাহৰ পৰিসংখ্যা লক্ষ্য কৰো তেন্তে দেখিবলৈ পাও যে, ৩৬.০৮ শতাংশ গাঁৱেই এতিয়া ক'ভিড ভাইৰাছৰ কৱলত পৰিছে। এপ্ৰিল মাহলৈকে এই সংখ্যা ৪৫.৫ শতাংশলৈ বৃদ্ধি পাইছে, য'ত গাঁৱৰ সংখ্যা ৪৮.৫ শতাংশ ।
বাতৰি কাকতৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, দেশৰ গ্ৰাম্যাঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাইছে আৰু ই নগৰীয়া বা চহৰ অঞ্চলতকৈ বেছি । যোৱা মাহৰ পৰিসংখ্যাই ইতিমধ্যে স্পষ্ট কৰিছে যে, চহৰতকৈ গ্ৰাম্যাঞ্চলত সংক্ৰমণৰ সংখ্যা ৪৪ শতাংশকৈ বৃদ্ধি পাইছে । ইতিমধ্যে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহলৈ কিছু নিৰ্দেশ দিছে ৷
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ দিছে যে, গাঁও অঞ্চলত বা আদিবাসী আৰু জনজাতি অধ্যুষিত অঞ্চল সমূহত মানুহৰ শৰীৰত ক'ভিডৰ চিন বা লক্ষণে দেখা দিলে তাৎক্ষণিক ভাৱে চিকিৎসা সেৱা প্ৰদান কৰিব লাগিব ।
আনকি চহৰ অঞ্চলসমূহত চিকিৎসা সেৱাৰ দুই তৃতীয়াংশ উপলব্ধ কৰিব লাগিব, য'ত স্বাস্থ্য সেৱাৰ পৰিকাঠামো ভাগি পৰাৰ দৰে অৱস্থা হৈ পৰিছে । এই ক্ষেত্ৰত চৰকাৰৰ উচিত কৰণীয় আছিল যে, যাৱতীয় সকলো ব্যৱস্থা তাৎক্ষণিক ভাৱে গ্ৰহণ কৰি ক'ভিডৰ সংক্ৰমণ গাঁও অঞ্চললৈ বিয়পাত বাধা দিয়া । কিন্তু বাস্তৱৰ পৰা আতৰি আহি চৰকাৰে এতিয়া কমিউনিটি চিকিৎসা বিষয়া বা এ এন এম সমূহক ৰেপিড এন্টিজেন টেষ্ট আৰু আন-আন পৰীক্ষাৰ বিষয়ে প্ৰশিক্ষণ দি ক'ভিড পজিটিভ চিনাক্ত কৰণতহে গুৰুত্ব দিছে ।
এইয়া যথেষ্ট গুৰুত্ব সহকাৰে ভাবিব লগীয়া বিষয় যে, জিলা প্ৰশাসনে এতিয়াও উত্তৰাখণ্ডৰ লেবেৰহাৰীৰ দৰে গাঁৱত কেনেকৈ ইমান সংক্ৰমণ হ'ল, তাৰ কাৰণ বিচাৰি উলিয়াব পৰা নাই । যিখন গাঁৱত এমাহৰ ভিতৰতে ৩০ জন লোকৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল ।