নেশ্যনেল ডেস্ক,2 জানুৱাৰী: ঝাৰখণ্ডৰ নক্সালবাদী প্ৰবন অঞ্চল মনাতু থানাৰ অন্তৰ্গত কুণ্ডলীপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এক নক্সালবাদী দম্পত্তীক মৰিয়াই মৰিয়াই হত্যা কৰিলে গাওঁবাসীয়ে ৷
ভূমি সংক্ৰান্তীয় বিবাদে চূড়ান্ত পৰ্যায় পোৱাত সংঘটিত হয় এই ঘটনা ৷ ভূমি সংক্ৰান্তত গাঁওখনৰ এজন লোকক গুলিয়াই হত্যা কৰিছিল নক্সালবাদী সদস্যজনে ৷ ইয়াৰ পিছতে ক্ষোভিত গাঁওবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে নক্সালবাদী সদস্য আৰু তেওঁৰ পত্মীক ৷