নিউজ ডেস্ক, 22 ডিচেম্বৰ : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক চাবলৈ আহি 5 একৰ শস্যৰ খেতিপথাৰ ক্ষতি কৰিলে সাধাৰণ জনতাই ৷ এই খবৰ বিয়পি পৰা পিচতেই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
ঘটনাটো সংঘটিত হৈছে বিহাৰৰ বিহপুৰ জিলাৰ বিহপুৰ থানা অন্তৰ্গত গাৰিধীহ অঞ্চলত ৷ ঘটনাৰ বিৱৰণ অনুসৰি হঠাৎ চৰকাৰী উন্নয়ন মূলক কাম কাজ নিৰীক্ষণ কৰিবলৈ জিলাখনত উপস্থিত হৈছিল নীতিশ কুমাৰ ৷
যিসময়ত গাৰিধীহ গাঁৱত নীতিশ কুমাৰৰ হেলিকপ্টাৰখন অৱতৰণ কৰে তেতিয়াই নীতিশ কুমাৰৰ আৰু হেলিকপ্টাৰ চাবলৈ জনতাৰ সোঁত বয় ৷ তাৰ পিচতেই হেলিকপ্তাৰ চাবলৈ ধাপলি মেলে গাঁওখনৰ ৰাইজ ৷
গাঁওবাসীক শান্ত কৰিবলৈ আৰক্ষী জোৱানসকলে চেষ্টা অব্যাহত ৰাখিছিল যদিও পৰিস্থিতি ক্ষান্ত কৰিব পৰা নাছিল ৷ পৰিস্থিতিয়ে এনে পৰ্যায় পাইছিল যে মুখ্যমন্ত্ৰীক চাবলৈ যোৱা অনুৰাগীৰ ভৰিৰ গচকত নষ্ট হৈছিল বৃহৎ পৰিমাণৰ খেতিপথাৰৰ শস্য ৷
অৱশেত উপায়হীন হৈ কৃষক সকলক নষ্ট শস্যৰ ক্ষতি পূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে মুখ্য মন্ত্ৰীসহ প্ৰশাসনিক বিষয়াসকলে ৷ বিহপুৰ জিলা বিষয়া বলৰাম প্ৰসাদে কয়,প্ৰায় 5 একৰ শস্য ক্ষতিগ্ৰস্ত হৈছে আৰু এই 5 একক ভূমিৰ ক্ষতি পৰিমাণ জোখ কৰি কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব ৷
উল্লেখ্য যে,চৰকাক ক্ষতিপূৰণ অতি সোনকালে দিবলৈ দাবী জনাইছে ভুক্তভোগী কৃষকে ৷
লগতে পঢ়ক:অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ