নিউজ ডেস্ক, ১৮ আগষ্ট :ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱত এতিয়া বিভীষিকাময় পৰিস্থিতি উত্তৰাখণ্ডত । প্ৰকৃতিৰ ধ্বংসলীলাৰ সন্মুখত সকলোৱে অসহায় অনুভৱ কৰিছে । সকলোতে কেৱল ধ্বংসৰ দৃশ্য । চামোলি জিলাৰ থাৰালীৰ পৰা প্ৰকৃতিৰ এনে কিছু ছবি প্ৰকাশ পাইছে । দুৰ্যোগৰ ফলত জিলাখনত পথবোৰ বিধ্বস্ত হৈ পৰিছে । যাৰ বাবে এতিয়া গাঁওবাসীয়ে বিপজ্জনকভাৱে পথবোৰ অতিক্ৰম কৰিবলগা হৈছে ।
উল্লেখ্য, ১৩ আগষ্টত ব্ৰহ্মতালৰ ওপৰৰ অঞ্চলৰ কোনোবা ঠাইত ডাৱৰ বিস্ফোৰণৰ ফলত নদ-নলা পানীৰে উপচি পৰে । দেৱাল ৱান পথটোৰ ১০০ মিটাৰৰো অধিক পানীৰ তীব্ৰ সোঁতত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে । এই পথটো নিশ্চিহ্ন হোৱাৰ পিছত গাঁওবাসী আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয় । পথটো ছিগি যোৱাৰ পিছত প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰে আৰু জিলা উপায়ুক্ত থাৰালী ৰবীন্দ্ৰ জুৱাথাৰ নেতৃত্বত জিলা দুৰ্যোগ উদ্ধাৰকাৰী দলে লোহাৰ খুঁটা স্থাপন কৰি গাঁওবাসীৰ চলাচলৰ বাবে বিকল্প ব্যৱস্থা কৰি দিয়ে, যাতে ৱানৰ দৰে আন গাঁওবোৰত খাদ্য সংকটৰ উদ্ভৱ নহয় ।