নেশ্যনেল ডেস্ক, 9 মে’ :ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝমাদৰ গাঁৱৰ লোকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত গাঁওবাসীয়ে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ 90 খন গাঁৱৰ প্ৰতিবাদকাৰী গঞাই পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত আৰম্ভ কৰিছে আন্দোলন আৰু গাঁওবাসীয়ে ঘৰ-বাৰী এৰি থৈ সুকীয়া এক স্থানত আৰম্ভ কৰিছে প্ৰতিবাদ (Villagers protest for green world in narayanpur) ।
নিজৰ ঘৰ-বাৰী এৰি ঘন অৰণ্যৰ মাজত প্ৰতিবাদকাৰী গঞাই ঘৰ সাজি লৈছে আৰু তাৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছে পৰিৱেশ ৰক্ষাৰ বাবে আন্দেলন । সম্প্ৰতি পানী, বন, মাটি তথা পৰিৱেশৰ প্ৰতি প্ৰতিদিনে বৃদ্ধি হৈছে ন ন প্ৰত্যাহ্বান আৰু পৰিৱেশ ৰক্ষাৰ প্ৰতি বদ্ধপৰিকৰ হৈ এইসকল গঞাই দিনে নিশাই আৰম্ভ কৰিছে আন্দোলন । উল্লেখ্য যে, বিগত 80 দিন ধৰি নিৰৱচ্ছিন্নভাৱে এইসকল লোকে অব্যাহত ৰাখিছে প্ৰতিবাদ (shelter village in forest of narayanpur protesters)।
আন্দোলন সন্দৰ্ভত গাঁওবাসীয়ে চাহিদা পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ ঘৰৰ পৰা প্ৰতিবাদস্থলীলৈ যথেষ্ট দূৰ হোৱাৰ বাবেই ঘন অৰণ্যৰ মাজত তেওঁলোকে নতুনকৈ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে ৷ পৰিৱেশ ৰক্ষাৰ এই আন্দোলনত ৰাজ্যখনৰ আবুঝমদ অঞ্চলৰ 14 খন গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 90 সহস্ৰাধিক গাঁওবাসীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে । প্ৰতিবাদস্থলী এলেকাত 50 টাতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে । গাঁওবাসীৰ দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি স্পষ্টকৈ উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে (Adivasi Sarva Samaj Maad Bachao Manch) ।