নেশ্যনেল ডেস্ক,২৬ নৱেম্বৰ :শেহতীয়াকৈ দিল্লীৰ মন্ত্ৰী তথা আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনৰ কেইটামান ভিডিঅ' ভাইৰেল হৈ পৰিছে (Satyendar jain viral video)। কাৰাগাৰৰ ভিতৰত নেতাগৰাকীয়ে কেনেদৰে বিলাসী জীৱন কটাইছে তাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । বিজেপিয়ে নেতাগৰাকীৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আম আদমি চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰিছে ।
ইয়াৰ মাজতে শনিবাৰে পুনৰ মন্ত্ৰীগৰাকীৰ আন এটা ভিডিঅ' শ্বেয়াৰ কৰিছে বিৰোধী বিজেপিয়ে । নেতাগৰাকীয়ে কাৰাগাৰৰ কোষৰ ভিতৰত তিহাৰ কাৰাগাৰৰ এগৰাকী অধীক্ষকক সাক্ষাৎ কৰা এই নতুন ভিডিঅ'টো পোহৰলৈ আহিছে (Jail superintendent meet Satyendar jain in jail)।
আম আদমী পাৰ্টিৰ নেতাজনে কাৰাগাৰৰ অধীক্ষকক সাক্ষাৎ কৰাৰ কথিত ভিডিঅ'টো বিজেপিৰ কেইজনমান নেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে (BJP shares video of Satyendar jain)। দিল্লী বিজেপিৰ মিডিয়া চেলৰ মুৰব্বী হৰিশ খুৰানাই টুইটযোগে ভিডিঅ'টো শ্বেয়াৰ কৰিছে । তাত তেওঁ লিখিছে সৎ মন্ত্ৰী জৈনৰ এইটো নতুন ভিডিঅ' । কাৰাগাৰ অধীক্ষকে নিশা ৮ বজাত মন্ত্ৰীগৰাকীক কাৰাগাৰৰ কোষত সাক্ষাৎ কৰিছে ।
ইফালে বিগত সপ্তাহত বিজেপিয়ে আন এটা ভিডিঅ'টো মুকলি কৰিছিল । য'ত কাৰাগাৰৰ কয়েদী তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে মালিচ লৈ থকা দেখা গৈছে (Satyendar Jain getting massage in jail)। নেতাজনক বিচনাত শুই থকা অৱস্থাত দৰ্শনাৰ্থীৰ সৈতে কথা পতাও দেখা গৈছিল ভিডিঅ'টোত ।