নিউজ ডেস্ক, ১৬ আগষ্ট:বিহাৰৰ মহিলা কনিষ্টবলৰ ভিডিঅ’ ভাইৰেল কৰি বিপদত আৰক্ষী জোৱান ৷ বিহাৰৰ ৰোহতাছত সংঘটিত হৈছে এই ঘটনা ৷ মহিলা কনিষ্টবলগৰাকীয়ে গা ধোৱাৰ সময়ত সহকৰ্মী আৰক্ষী জোৱানজনে ভিডিঅ’ বনাই ভাইৰেল কৰে ৷ পাচত সমগ্ৰ বিষয়টো সন্দৰ্ভত মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলা কনিষ্টবলগৰাকীয়ে । ইয়াৰ পিছতে আৰক্ষী বিভাগত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।
ইফালে ঘটনাৰ সন্দৰ্ভত তথ্য লাভ কৰাৰ পাচতেই আৰক্ষীয়ে তদন্ত কৰি অভিযুক্ত আৰক্ষী জোৱানজনক নিলম্বন কৰে । ভুক্তভোগী কনিষ্টবলগৰাকীৰ বক্তব্যও ৰেকৰ্ড কৰিছে এছ আই টিয়ে । তথ্য অনুসৰি, দৰছাল ডেহৰী আৰক্ষী লাইনত প্ৰশিক্ষণৰ সময়ত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা ৷ প্ৰশিক্ষাৰ্থী পিটিচি সুধাংশু শেখৰে মহিলা কনিষ্টবলৰ অশ্লীল ভিডিঅ’ বনাইছিল ৷ পিচত মহিলা কনিষ্টবলগৰাকীয়ে ডেহৰী মহিলা আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷