নেশ্যনেল ডেস্ক,৬ জুলাই :অহা ৬ আগষ্টত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন (Vice presidential polls 2022)। ইতিমধ্যে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । মঙলবাৰৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়াত ইতিমধ্যে ৫ গৰাকীয়ে মনোনয়ন দাখিল কৰিছে (Five candidates filed nomination for VP election)। অৱশ্যে বাধ্যতামূলক দস্তাবেজ দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হয় । ১৯ জুলাই মনোনয়ন দাখিলৰ অন্তিম দিন ।
ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, তামিলনাডুৰ চালেম জিলাৰ কে পদ্মৰাজন, আহমেদাবাদৰ পৰা পৰেশ কুমাৰ নানুভাই মুলানি, বেংগালুৰুৰ হোচমথ বিজয়ানন্দ আৰু অন্ধ্ৰ প্ৰদেশৰ নাইডুগাৰী ৰাজশেখৰ শ্ৰীমুখলিঙ্গমে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে । মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ আনন্দ সিং খুচৱাহা, যাক "ৰামায়ণী চায়ৱালা" নামেৰে জনা যায় তেওঁ সংসদৰ ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰা সকলৰ ভিতৰত অন্যতম আছিল । অৱশ্যে খুচৱাহাৰ কাগজপত্ৰহে গ্ৰহণ কৰা হৈছে, তেওঁ ১৫,০০০ টকাৰ সুৰক্ষা ধন জমা কৰা নাই ।
ইফালে শ্ৰীমুখলিঙ্গমৰ কাগজপত্ৰসমূহ নাকচ কৰা হৈছে কিয়নো তেওঁৰ নিজৰ লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত প্ৰাৰ্থীৰ সৈতে সম্পৰ্কিত প্ৰৱেশৰ প্ৰমাণিত প্ৰতিলিপি দাখিল কৰাত ব্যৰ্থ হৈছিল । আন চাৰিগৰাকীৰ মনোনয়ন ২০ জুলাইত পৰীক্ষা কৰা হ'ব । অৱশ্যে এই মনোনয়নসমূহ নাকচ কৰিব পাৰে কিয়নো তেওঁলোকক ২০ জন সাংসদে প্ৰস্তাৱক হিচাপে সমৰ্থন কৰা নাছিল আৰু তেওঁলোকৰ আন ২০ গৰাকী দ্বিতীয় সমৰ্থক বা ছেকেণ্ডাৰ নাছিল ।