নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ :মহাত্মা গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তুলনা কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । কংগ্ৰেছৰ কেইবাগৰাকী সাংসদ তথা নেতাই উপ-ৰাষ্ট্ৰপতিগৰাকীক তীব্ৰ সমালোচনা কৰিছে । উপ-ৰাষ্ট্ৰপতি ধনখড়ে মহাত্মা গান্ধীক যোৱা শতিকাৰ 'মহাপুৰুষ' বুলি কৈছিল আৰু প্ৰধানমন্ত্ৰীক এই শতিকাৰ 'যুগপুৰুষ' বুলি কৈছিল । উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পাছতে দেশৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ।
উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি ধনখড়ে সোমবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইৰ অপেৰা হাউচত জৈন ৰহস্যবাদী আৰু দাৰ্শনিক শ্ৰীমদ ৰাজচন্দ্ৰৰ জন্ম জয়ন্তী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিছিল । য'ত তেওঁ কৈছিল, "মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আৰু অহিংসাৰ জৰিয়তে আমাক ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত কৰিছিল । ভাৰতৰ সফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক আমি সদায় যাবলৈ বিচৰা পথত লৈ গৈছে ।"