নিউজ ডেস্ক, ২৪ অক্টোবৰ : কেৰালাৰ ৯খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলে ৰাজ্যপাল আৰিফ মহম্মদ খানৰ পদত্যাগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে (Kerala High court) । কেৰালা উচ্চ ন্যায়ালয়ে আবেদনসমূহ বিবেচনাৰ বাবে আজি বিয়লি ৪ বজাত এখন বিশেষ সভাৰ আহ্বান জনায় ।
উল্লেখ্য, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত কেৰালাৰ ৯খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে (Kerala Governor order to resign VC of Universities) । কিন্তু কেৰালাৰ পিনাৰায় বিজয়ন চৰকাৰে উপাচাৰ্যসকলক ৰাজ্যপালৰ নিৰ্দেশক আওকাণ কৰিবলৈ পৰামৰ্শ দিয়ে । দেওবাৰে কেৰালাৰ ৰাজ্যপালৰ টুইটাৰ হেণ্ডেলত ৰাজভৱনে প্ৰকাশ কৰে ৯ খন বিশ্ববিদ্যালয়ৰ নাম (9 VC of Kerala Universities in HC) ।
ৰাজভৱনৰ সূত্ৰই দাবী কৰিছে যে উক্ত বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিযুক্তি দিয়াৰ সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মাৱলী মানি চলা নাছিল । সেয়ে সোমবাৰে পুৱা ১১.৩০ বজাৰ ভিতৰত উপাচাৰ্যসকলক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যপালে । উল্লেখ্য, কেৰালাৰ শাসকীয় এল ডি এফ চৰকাৰৰ সমৰ্থকসকলে ৰাজ্যপালৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰাৰ সময়তে এই নিৰ্দেশ দিয়া হৈছে (Kerala universities VC appeal in HC) ।
ৰাজ্যপালে পদত্যাগ কৰিবলৈ কোৱা ৯ গৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভিতৰত ২৪ অক্টোবৰত কেৰালা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভি পি মহাদেৱন পিল্লাইয়ে অৱসৰ লোৱাৰ কথা আছে । আনহাতে, উচ্চতম ন্যায়ালয়ে এ পি জে আব্দুল কালাম টেকন'লজিকেল ইউনিভাৰ্ছিটীৰ উপাচাৰ্য এম এছ ৰাজাশ্ৰীৰ নিযুক্তি বাতিল কৰে (Kerala Governor Controversy of University VCs)।